এডাম স্মিথ
From Wikipedia, the free encyclopedia
আডাম স্মিথ (ইংৰাজী: Adam Smith; ১৬ জুন [পুৰণা নিয়মত ৫ জুন] ১৭২৩[4] – ১৭ জুলাই ১৭৯০) এগৰাকী স্কটিছ অৰ্থনীতিবিদ, দাৰ্শনিক আৰু লেখক আছিল। তেওঁ ৰাজনৈতিক অৰ্থনীতিৰ গুৰিধৰোঁতা আৰু স্কটিছ নৱজাগৰণৰ এগৰাকী মুখ্য ব্যক্তি।[5] তেওঁক "অৰ্থনীতিৰ জনক"[6] বা "পুঁজিবাদৰ জনক" বুলিও জনা যায়।[7] স্মিথৰ দুই মূল গ্ৰন্থ হ'ল দ্য থিয়'ৰি অৱ মৰেল চেণ্টিমেণ্ট্ছ (১৭৯৫) আৰু এন এনকুৱাইৰি ইণ্টু দ্য নেচাৰ এণ্ড কজেচ অৱ দ্য ৱে'ল্থ অৱ নেশ্বন্স (১৭৭৬)। দ্য ৱে'ল্থ অৱ নেচন্স তেওঁৰ আটাইতকৈ প্ৰভাৱ বিস্তাৰ কৰা গ্ৰন্থ। এই গ্ৰন্থ আধুনিক অৰ্থনীতিৰ প্ৰথম গ্ৰন্থ বুলি কোৱা হয়। এই গ্ৰন্থত স্মিথে পূৰ্ণ উপকাৰিতাৰ ধাৰণা আগাঢ়াইছিল।[8]
ক্ষিপ্ৰ তথ্য সম্পূৰ্ণ নাম, জন্ম ...
সম্পূৰ্ণ নাম | এডাম স্মিথ |
---|---|
জন্ম | ১৬ জুন [পুৰণা নিয়মত ৫ জুন] ১৭২৩ ক্ৰিকক্লেডি, ফিফে ৰাজ্য, স্কটলেণ্ড |
মৃত্যু | ১৭ জুলাই, ১৭৯০ (৬৭ বছৰ) এডিনব্ৰাহ, স্কটলেণ্ড |
অঞ্চল | পাশ্চাত্য দৰ্শন |
ধাৰা | ধ্ৰুপদী উদাৰতাবাদ |
আগ্ৰহ | ৰাজনৈতিক দৰ্শন, নৈতিকতা, অৰ্থনীতি |
উল্লেখযোগ্য কৰ্ম | ধ্ৰুপদী অৰ্থনীতি, আধুনিক মুক্ত বজাৰ, শ্ৰম বিভাজন, "অদৃশ্য হাত" |
স্বাক্ষৰ |
বন্ধ কৰক