এনচেফেলাইটিচ
From Wikipedia, the free encyclopedia
মস্তিষ্কৰ ‘ইনফ্লেমেচন’ ঘটিলে এনচেফেলাইটিচ (IPA: /ɛnˌsɛfəˈl[unsupported input]ɪtɪs/[1], ইংৰাজী: encephalitis ) হোৱা বুজায়। ইনফ্লেমেচনৰ অৰ্থ হ'ল- জীৱিত কোষত হোৱা কোনো প্ৰতিক্ৰিয়াৰ ফলত এই চাৰিটা গুণৰ মিশ্ৰণ ঘটা : বিষ হোৱা, উত্তাপ হোৱা, ফুলি উঠা আৰু ৰঙা পৰা। মস্তিষ্কৰ আৱৰণীত ইনফ্লেমেচন ঘটিলে মেনিনজাইটিচ হোৱা বুজায়। একেলগে মস্তিষ্ক আৰু আৱৰণী দুয়ো অংশতে ইনফ্লেমেচন হ’লে মেনিনগ-এনচেফেলাইটিচ হোৱা বুলি কয়। একেলগে মগজু আৰু ৰাজহাঁড়ৰ মজ্জাৰ (স্পাইনেল কৰ্ডৰ) ইনফ্লেমেচন হলে তাক এনকেফালোমায়েলাইটিচ বোলে। ঘাইকৈ হাৰপিজ জষ্টাৰ ভাইৰাচে এই ৰোগক কৰিব পাৰে। ইনফ্লেমেচনৰ উৎপত্তি আঘাতৰ দ্বাৰা বা যি কোনো সংক্ৰমনৰ দ্বাৰা হ’ব পাৰে।
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
এনচেফেলাইটিচ | |
---|---|
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল | |
Coronal T2-weighted MR image shows high signal in the temporal lobes including hippocampal formations and parahippogampal gyrae, insulae, and right inferior frontal gyrus. A brain biopsy was performed and the histology was consistent with encephalitis. PCR was repeated on the biopsy specimen and was positive for HSV | |
আই.চি.ডি.-10 | A83-A86, B94.1, G05 |
আই.চি.ডি.-9 | 323 |
ডিজিজেছ ডে'টাবে'ছ | 22543 |
মেডলাইন প্লাছ | 001415 |
ইমেডিচিন | emerg/163 |
MeSH | D004660 |
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এছিয়া মহাদেশত বছৰি পঞ্চাছ হাজাৰজনলৈকে লোকে ভাইৰেল এনচেফেলাইটিচ ৰোগত ভোগে। ৰোগাক্ৰান্ত হোৱা এই পঞ্চাছ হাজাৰজন লোকৰ ভিতৰৰ পোন্ধৰ হাজাৰজনৰ মৃত্যু হয় আৰু ইয়াৰে অধিকাংশই ভাৰত, চীন আদি দক্ষিণ-পূব এছিয়া মহাদেশৰ দেশসমূহৰ। ২০১১ চনত ভাৰতবৰ্ষত এই ৰোগত ১১৬৯ জনৰ প্ৰাণহানি হৈছিল। ২০১১চনত অসমত ১৫৯ জনৰ ভাইৰেল এনচেফেলাইটিচ ৰোগত মৃত্যু হৈছিল আৰু তাৰে অধিকাংশই আছিল শিৱসাগৰ জিলাৰ। আসাম ট্ৰিবিউন কাকতৰ এক বাতৰি অনুসৰি ২০১১চনত অসমৰ ২৭ খনৰ ভিতৰত ২০খন জিলাই এই ৰোগত আক্ৰান্ত হৈছিল। ২০১২ চনৰ আগষ্টলৈকে অসমত ২২ জনৰ প্ৰাণহানি ঘটিছে। দেশৰ ডাঙৰ প্ৰদেশ উত্তৰ প্ৰদেশত ২৬৩জন আৰু বিহাৰত ৮২জন লোকৰ এই বছৰত এতিয়ালৈকে মৃত্যু হৈছে। ইয়াৰে অধিকাংশই হ'ল শিশু। মৃত্যুৰ সংবাদ আহিছে তমিলনাডু, উৰিষ্যা আৰু কাষৰীয়া পশ্চিম বংগৰ পৰাও। ভাৰতবৰ্ষৰ উত্তৰ-পশ্চিম অঞ্চলৰ বাহিৰে গোটেই দেশখনতেই ৰোগৰ প্ৰাদূৰ্ভাৱ দেখা যায়। বেচিকৈ ৰোগ হোৱা দেখা যায় জুনৰ পৰা চেপ্তেম্বৰৰ ভিতৰত। কিন্তু কমকৈ হ’লেও গোটেই বছৰটোৱেই ৰোগ চলি নথকা নহয়। কৃষিজীৱী লোকৰ বসতি থকা গ্ৰামাঞ্চলত এনচেফেলাইটিচৰ প্ৰাদূৰ্ভাৱ বেছি।