কমাঠীপুৰা
ভাৰতৰ মুম্বাইৰ এটা চুবুৰীয়া অঞ্চল / From Wikipedia, the free encyclopedia
কমাঠীপুৰা বা কমাঠীপুৰম(ইংৰাজী: Kamathipura)[1] হৈছে ভাৰতৰ মুম্বাইৰ এটা চুবুৰীয়া অঞ্চল, যি পতিতাবৃত্তিৰ বাবে বিখ্যাত। ১৭৯৫ চনৰ পিছত মুম্বাইৰ পূৰ্বৰ সাতটা দ্বীপক সংযোগ কৰা কজৱে (causeways) নিৰ্মাণৰ সৈতে প্ৰথমে এই অঞ্চল প্ৰতিষ্ঠিত কৰা হৈছিল৷[2] মূলতঃ লাল বজাৰ নামেৰে জনাজাত, এই নামৰ উৎপত্তি নিৰ্মাণ ক্ষেত্ৰত কাম কৰা শ্ৰমিক ʼকমাঠীʼ শব্দৰ পৰা। আৰক্ষীৰ কঠোৰ অভিযানৰ ফলত, ১৯৯০-ৰ দশকৰ শেষৰ ফালে এইডছৰ উত্থান আৰু চৰকাৰৰ পুনৰ্বিকাশ নীতিয়ে যৌন কৰ্মীসকলক এই বৃত্তিৰ পৰা আঁতৰি যোৱাত সহায় কৰিছিল আৰু পৰৱৰ্তী সময়ত কমাঠীপুৰাৰ পৰা বাহিৰ লৈ যোৱাত সহায় কৰিছিল । অঞ্চলটোত যৌন কৰ্মীৰ সংখ্যা এতিয়া হ্ৰাস পাইছে।
कामाटीपूरा কমাঠীপুৰা লাল বাজাৰ |
|
---|---|
— নিষিদ্ধ এলেকা — | |
ভৌগোলিক স্থানাংক: 18.96°N 72.82°E / 18.96; 72.82 | |
দেশ | ভাৰত |
ৰাজ্য | মহাৰাষ্ট্ৰ |
মেট্ৰ | মুম্বাই |
প্ৰতিষ্ঠা | ১৭৯৫ |
উচ্চতা | ৪ মিটাৰ (১৩.১২ ফুট) |
সময় অঞ্চল | আইএছটি (গ্ৰী.মা.স.+5:30) |
ভাৰতৰ সৰ্ববৃহৎ পতিতালয়-আধাৰিত যৌন উদ্যোগ মুম্বাইত অৱস্থিত।ইয়াত ৫,000ৰো অধিক পুৰুষ, মহিলা আৰু ট্ৰেন্সজেণ্ডাৰড যৌন কৰ্মী আছে। এই যৌন কৰ্মীসকল মুখ্যতঃ অৱস্থিত এছিয়াৰ সৰ্ববৃহৎ পতিতা ব্যৱসায় এলেকা, কমাঠীপুৰাত। ইয়াৰে বহুতো মহিলা নিম্ন আয়ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা। তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে প্ৰায়ে তেওঁলোকক নাবালক হিচাপে অচিনাকি লোকক পইচাৰ বিনিময়ত বিক্ৰী কৰে।[3]
১৯৯২ চনত, বৃহন্মুম্বাই পৌৰ নিগমে (বিএমচি) নথিভুক্ত কৰিছিল যে ইয়াত ৪৫,০০০ যৌন কৰ্মী আছিল যি ২০০৯ চনত ১৬০০ লৈ হ্ৰাস পাইছিল[4] আৰু ২০১৮ চনত ৫০০ লৈ পাইছিল।[5] বহুতো যৌন কৰ্মীয়ে মহাৰাষ্ট্ৰৰ আন এলেকালৈ প্ৰব্ৰজন কৰে আৰু ৰিয়েল এষ্টেট বিকাশকাৰীসকলে উচ্চ মূল্যৰে এই অঞ্চল কৰে। ২০১৮ চনত মহাৰাষ্ট্ৰ চৰকাৰে অঞ্চলটো ধ্বংস আৰু পুনৰ বিকাশৰ বাবে নিবিদা বিচাৰিছিল।[6]