কাৰ্গিল যুদ্ধ
From Wikipedia, the free encyclopedia
কাৰ্গিল যুদ্ধ (ইংৰাজী: Kargil War) হৈছে ১৯৯৯ চনৰ মে’ মাহৰ পৰা জুলাই মাহলৈকে ভাৰত আৰু পাকিস্তানৰ মাজত জম্মু-কাশ্মীৰৰ কাৰ্গিল জিলা আৰু নিয়ন্ত্ৰণ ৰেখাৰ (LoC)ৰ অন্যান্য ঠাইত সংঘটিত হোৱা এক সশস্ত্ৰ যুদ্ধ বা সংঘাত। ভাৰতত এই সংঘাতক ‘অপাৰেচন বিজয়’ বুলিও কোৱা হয়। সেয়া আছিল এই অঞ্চলত হোৱা ভাৰতীয় সামৰিক অভিযানৰ ক'ডনেম বা সাংকেতিক নাম।[19] ভাৰতীয় বায়ুসেনাই ভাৰতীয় স্থলসেনাৰ সৈতে যৌথভাৱে অভিযান কৰি পাকিস্তানী সেনা আৰু অৰ্ধসামৰিক সৈন্যক “নিয়ন্ত্ৰণ ৰেখা (LoC)ৰ কাষৰ উকা ভাৰতীয় স্থানৰ পৰা বাহিৰ কৰি পঠিয়াই।[20] এই যৌথ অভিযানক “অপাৰেচন সফেদ সাগৰ” (Operation Safed Sagar; ऑपरेशन सफेद सागर;) হিচাপে নিৰ্ধাৰণ কৰা হৈছিল।
কাৰ্গিল যুদ্ধ | |||||||
---|---|---|---|---|---|---|---|
কাৰ্গিল সংঘাত আৰু ভাৰত-পাকিস্তান সংঘাতৰ অংশ | |||||||
নিয়ন্ত্ৰণ ৰেখাৰ সৈতে কাৰ্গিলৰ অৱস্থান |
|||||||
|
|||||||
যুজাৰু | |||||||
ভাৰত | পাকিস্তান | ||||||
কমাণ্ডাৰ আৰু দলপতিসকল | |||||||
কে আৰ নাৰায়ণন (ভাৰতৰ ৰাষ্ট্ৰপতি) | এম আৰ তাৰাক (পাকিস্তানৰ ৰাষ্ট্ৰপতি) |
||||||
সৈন্য শক্তি | |||||||
৩০,০০০ | ৫,০০০ | ||||||
ক্ষয়ক্ষতিৰ পৰিমাণ | |||||||
ভাৰতৰ চৰকাৰী তথ্য:
পাকিস্তানৰ দাবী:
| নিৰপেক্ষ তথ্য:
পাকিস্তানী তথ্য:
ভাৰতৰ দাবী: |
কাশ্মীৰী উগ্ৰপন্থীৰ বেশত পাকিস্তানী সৈন্যই নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ বিবাদমান কাশ্মীৰত থকা দুয়োখন দেশৰ মাজৰ সীমান্ত হিচাপে কাম কৰা কিছুমান গুৰুত্বপূৰ্ণ স্থানত অনুপ্ৰৱেশ কৰাৰ ফলত এই সংঘাতৰ সূচনা হৈছিল।[21] প্ৰাৰম্ভিক পৰ্যায়ত পাকিস্তানে এই যুদ্ধ সম্পূৰ্ণৰূপে স্বতন্ত্ৰ কাশ্মীৰী বিদ্ৰোহীৰ লগত সংঘটিত হৈছিল বুলি কৈছিল যদিও যুদ্ধস্থলিত এৰি থৈ যোৱা নথি-পত্ৰ আৰু পিছলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী আৰু সেনাধ্যক্ষৰ বক্তব্যই জেনেৰেল আশ্ৰফ ৰছিদৰ নেতৃত্বত[22] পাকিস্তানী অৰ্ধসামৰিক বাহিনী জড়িত থকাৰ কথা প্ৰমাণিত হয়।[23][24][25] পাছলৈ ভাৰতীয় বায়ুসেনাৰ সহযোগত ভাৰতীয় সেনাই নিয়ন্ত্ৰণ ৰেখাৰ ওচৰৰ অধিকাংশ ভাৰতীয় স্থান পুনৰ দখল কৰে; অৱশেষত আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক বিৰোধিতাৰ সন্মুখীন হৈ পাকিস্তানী বাহিনীয়ে নিয়ন্ত্ৰণ ৰেখাৰ কাষৰ বাকী থকা সকলো ভাৰতীয় স্থানৰ পৰা আঁতৰি যাবলৈ বাধ্য হয়।