কোণাৰ্ক সূৰ্য মন্দিৰ
ভাৰতৰ ওড়িশা ৰাজ্যৰ কোণাৰ্কত অৱস্থিত তথা ত্ৰয়োদশ শতাব্দীত নিৰ্মিত এটি সূৰ্য মন্দিৰ / From Wikipedia, the free encyclopedia
কোণাৰ্ক সূৰ্য মন্দিৰ (ইংৰাজী: Sun Temple, Konârak) ভাৰতৰ উৰিষ্যা ৰাজ্যৰ কোণাৰ্কত অৱস্থিত ত্ৰয়োদশ শতাব্দীত নিৰ্মিত এটি সূৰ্য মন্দিৰ[1]। ই "ব্লেক পেগ'ডা" নামেও পৰিচিত।[2] মন্দিৰটো বংগোপসাগৰ তীৰত ভাৰতৰ পূৱ উপকূলত মহানদী ব-দ্বীপত অৱস্থিত। পূৱ গঙ্গ ৰাজবংশৰ ৰজা প্ৰথম নৰসিংহদেৱে প্ৰায় ১২৫০ খ্ৰীষ্টাব্দত পাথৰেৰে নিৰ্মিত এই মন্দিৰটো নিৰ্মাণ কৰে।[3] ই সূৰ্য (দেৱতা)ৰ চব্বিশ চক্ৰবিশিষ্ট ৰথৰ আকাৰত নিৰ্মিত। অত্যধিক কাৰুকাৰ্যখচিত এই প্ৰস্তৰখোদিত স্থাপত্যটোৰ বিশেষ প্ৰতীকী ব্যঞ্জনা আছে। আধুনিক কালত মন্দিৰটিৰ পুনৰ সংস্কাৰ কৰা হয়। ১৯৮৪ চনত (i), (iii) আৰু (iv) বিভাগত সাংস্কৃতিক সম্পত্তি হিচাবে এই মন্দিৰ ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত হয়[4]।
ক্ষিপ্ৰ তথ্য কোণাৰ্ক সূৰ্য মন্দিৰ, দেশ ...
কোণাৰ্ক সূৰ্য মন্দিৰ | |
---|---|
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম | |
দেশ | ভাৰত |
ধৰণ | সাংস্কৃতিক |
মাপকাঠি | i, iii, vi |
উদ্ধৃতি | 246 |
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল | এছিয়া-পেছিফিক |
অভিলিখনৰ ইতিহাস | |
অভিলিখন | ১৯৮৪ (অষ্টম অধিবেশন) |
বন্ধ কৰক