গ্ৰেইজ এনাটমী
From Wikipedia, the free encyclopedia
গ্ৰেইজ এনাটমী (ইংৰাজী: Gray's Anatomy) এখন ইংৰাজী ভাষাত লিখা মানৱ শৰীৰস্থান সম্পৰ্কীয় পাঠ্যপুথি। শৰীৰস্থানবিদ হেনৰী গ্ৰেই (Henry Gray) নামৰ ব্যক্তিজনে প্ৰথমে এই গ্ৰন্থখন লিখিছিল। আগৰ সংস্কৰণসমূহৰ নাম এনাটমী: ডেছ্ক্ৰিপ্টিভ এণ্ড চাৰ্জিকেল আছিল, কিন্তু পিছলৈ নামটো চুটি কৰি "গ্ৰেইজ এনাটমী" ৰখা হয়। গ্ৰন্থখনক শৰীৰস্থান সম্পৰ্কে এক গুৰুত্বপূৰ্ণ কৰ্ম বুলি বিবেচনা কৰা হয় আৰু ১৮৫৮ চনত প্ৰথম প্ৰকাশৰ পৰা ইয়াক সংশোধিত আৰু পৰিবৰ্ধিত ৰূপত প্ৰকাশ কৰি অহা হৈছে। কিতাপখনৰ ৪০তম (১৫০ বছৰীয়া) সংস্কৰণ ২০০৮ চনত প্ৰকাশ পায়।[1]
ক্ষিপ্ৰ তথ্য Henry Gray's Anatomy of the Human Body, লেখক ...
Henry Gray's Anatomy of the Human Body | |
---|---|
লেখক | হেনৰী গ্ৰেই |
শিৰোনাম | Anatomy: Descriptive and Surgical |
অংগসজ্জা | হেনৰী ভেন্ডাইক কাৰ্টাৰ |
দেশ | ইংলেণ্ড |
ভাষা | ইংৰাজী |
বিষয় | মানৱ শৰীৰস্থান |
প্ৰকাশ | ১৮৫৮ |
বন্ধ কৰক