গৰ্ভপাত
কোনো ভ্ৰূণ গৰ্ভৰ বাহিৰত জীয়াই থাকিবলৈ সক্ষম হোৱাৰ আগতেই গৰ্ভৰ পৰা অপসাৰণ কৰা / From Wikipedia, the free encyclopedia
গৰ্ভপাত (ইংৰাজী: Abortion)বা ভ্ৰূণহত্যা হৈছে কোনো ভ্ৰূণ গৰ্ভৰ বাহিৰত জীয়াই থাকিবলৈ সক্ষম হোৱাৰ আগতেই গৰ্ভৰ পৰা অপসাৰণ অথবা মাতৃগৰ্ভৰ পৰা জোৰপূৰ্বক বাহিৰ কৰি দি গৰ্ভধাৰণৰ অবসান ঘটোৱা কাৰ্য। গৰ্ভপাত স্বয়ংক্ৰিয়ভাবেও হ'ব পাৰে, এইক্ষেত্ৰত ইয়াক প্ৰায়েই স্বতঃস্ফূৰ্ত গৰ্ভপাত বোলা হয়। ই উদ্দেশ্যমূলকভাবেও হ'ব পাৰে এইক্ষেত্ৰত ইয়াক প্ৰৰোচিত গৰ্ভপাত বোলা হয়। গৰ্ভপাত পৰিভাষাটো বেছি ভাগ ক্ষেত্ৰত কোনো মানবীয় গৰ্ভধাৰণৰ প্ৰৰোচিত গৰ্ভপাতকে বুজায়। ভ্ৰূণ নিজে নিজে জীয়াই থাকিবলৈ সক্ষম হোৱাৰ পিছত এই একেই প্ৰক্ৰিয়া সংঘটিত হলে চিকিৎসাবিজ্ঞানৰ ভাষাত ইয়াক "গৰ্ভাৱস্থাৰ বিলম্বিত অবসান" বোলা হয়।[2]
প্ৰৰোচিত গৰ্ভপাত | |
---|---|
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল | |
আন্তৰ্জাতিক গৰ্ভপাত আইন[1] | |
আই.চি.ডি.-10 | O04 |
আই.চি.ডি.-9 | 779.6 |
ডিজিজেছ ডে'টাবে'ছ | 4153 |
মেডলাইন প্লাছ | 002912 |
ইমেডিচিন | article/252560 |
প্ৰৰোচিত গৰ্ভপাতৰ বাবে আধুনিক চিকিৎসাবিদ্যাত ঔষধ অথবা অস্ত্ৰোপচাৰ পদ্ধতি ব্যবহৃত হয়। মিফেপ্ৰিষ্টন আৰু প্ৰোষ্টাগ্লোণ্ডিন নামৰ ঔষধ দুটি প্ৰথম তিনি মাহত অস্ত্ৰোপচাৰ পদ্ধতিৰ দৰেই কাৰ্যকৰ।[3][4] দ্বিতীয় তিনি মাহত ঔষধৰ ব্যৱহাৰ কাৰ্যকৰী হলেও[5] অস্ত্ৰোপচাৰ পদ্ধতিৰ ক্ষেত্ৰত পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ আশংকা কম বুলি ভবা হয়।[4] জন্মনিয়ন্ত্ৰণ-ইয়াৰ ভিতৰত আছে পিল আৰু যোনিপথত ব্যৱহাৰ্য সঁজুলিসমূহ যি গৰ্ভপাতৰ ঠিক পিছৰ পৰাই ব্যৱহাৰ আৰম্ভ কৰা হয়।[4] গৰ্ভপাত উন্নত বিশ্বত স্থানীয় আইনৰ দ্বাৰা সমৰ্থিত হৈ থাকিলে, ই চিকিৎসাবিজ্ঞানত সকলোতকৈ নিৰাপদ ব্যবস্থাবোৰৰ অন্যতম হৈ উঠাৰ ইতিহাস আছে।[6][7] জটিলতাহীন গৰ্ভপাতে কোনো দীৰ্ঘস্থায়ী মানসিক বা শাৰীৰিক স্বাস্থ্যগত সমস্যা নঘটায়।[8] বিশ্ব স্বাস্থ্য সংস্থা প্ৰকাশ কৰিছে যে, এই একে স্তৰৰ নিৰাপদ আৰু বৈধ গৰ্ভপাতৰ বিষয়টি বিশ্বজুৰি সকলো নাৰীৰ বাবে সহজলভ্য হোৱা উচিত।[9] কিয়নো,অনিৰাপদ গৰ্ভপাতৰ বাবে সমগ্ৰ বিশ্বজুৰি প্ৰতিবছৰে প্ৰায় ৪৭,০০০ নাৰীৰ মাতৃত্বজনিত মৃত্যু[8] আৰু ৫ নিযুত নাৰী চিকিৎসালয়ত ভৰ্তিৰ হব লগা হয়।[10]
বিশ্বজুৰি প্ৰতিবছৰ ৪৪ নিযুত গৰ্ভপাত সম্পন্ন হয়, ইয়াৰ ভিতৰত অৰ্ধেকতকৈ সামান্য কমসংখ্যক অনিৰাপদভাবে সম্পন্ন কৰা হয়।[11] গৰ্ভপাতৰ হাৰ ২০০৩ আৰু ২০০৪ চনৰ ভিতৰত সামান্য পৰিবৰ্তন হৈছে,[11] যদিও পূৰ্ববৰ্তী দশকবোৰোতকৈ বৰ্তমান পৰিয়াল পৰিকল্পনা আৰু জন্মনিয়ন্ত্ৰণ বিষয়ক শিক্ষাৰ প্ৰসাৰৰ কাৰণে গৰ্ভপাতৰ হাৰ কিছু কমিছে।[12] ২০০৮ চনৰ তথ্য অনুসৰি, বিশ্বৰ শতকৰা চল্লিশ ভাগ নাৰীৰ "কোনো কাৰণ নেদেখুৱাকৈ" বৈধ প্ৰৰোচিত গৰ্ভপাত ঘটোৱাৰ অধিকাৰ আছে।[13] সেয়ে, এইক্ষেত্ৰত গৰ্ভধাৰণৰ পিছৰ ঠিক কিমান সময় পৰ্যন্ত সেয়া কৰিব পৰা যায়, সেই সীমা নিৰ্ধাৰিত আছিল।[13]
প্ৰৰোচিত গৰ্ভপাতৰ দীৰ্ঘ ইতিহাস আছে। বিভিন্ন পদ্ধতিত গৰ্ভপাত কৰা হয়, যাৰ ভিতৰত, প্ৰাচীনকালৰ পৰা চলি অহা ভেষজ ঔষধসমূহ, ধাৰথকা সৰঞ্জামৰ ব্যৱহাৰ, শাৰীৰিক আঘাত আৰু অন্যান্য গতানুগতিক পদ্ধতি আদি অন্তৰ্ভুক্ত।[14] বিশ্বজুৰি গৰ্ভপাত বিষয়ক আইন, কিমান ঘনে ঘনে সম্পন্ন কৰা হৈছে, আৰু সাংস্কৃতিক আৰু ধৰ্মীয় মৰ্য্যদা ক্ষেত্ৰত ব্যাপক ভিন্নতা আছে। কিছু কিছু ক্ষেত্ৰত, বিশেষ পৰিস্থিতিৰ সাপেক্ষে গৰ্ভপাত বৈধ, যেনে: আত্মীয় কৰ্তৃক যৌননিগ্ৰহ, ধৰ্ষণ, ভ্ৰূণৰ সমস্যা থকা, আৰ্থ-সামাজিক বিষয় অথবা মাতৃৰ স্বাস্থ্যজনিত সমস্যা থকা আদি।[15] বিশ্বৰ অনেক স্থানত গৰ্ভপাতৰ নৈতিক, নীতিগত, আৰু আইনগত বিষয়সমূহক লৈ গণ মতদ্বৈততা আছে। ইয়াৰ ভিতৰত গৰ্ভপাতৰ বিৰুদ্ধে তোলা সাধাৰণ যুক্তি এই যে, "এই ভ্ৰূণ হৈছে জীৱন ধাৰণৰ অধিকাৰসম্পন্ন একো একোজন মানুহ আৰু সেয়ে গৰ্ভপাতক হত্যাকাণ্ডৰ সৈতে তুলনা কৰিব পাৰি"।[16][17] আনহাতে গৰ্ভপাতৰ অধিকাৰ সমৰ্থন কৰাসকলৰ মতে "এগৰাকী নাৰীৰ নিজৰ শৰীৰৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণৰ সম্পূৰ্ণ অধিকাৰ আছে"[18] আৰু ইয়াৰ লগতে তেওঁলোকে সাধাৰণভাবে মানৱাধিকাৰৰ ওপৰত গুৰুত্ব দিয়ে।[9]