ছাৰা বাৰ্নহাৰ্ট
From Wikipedia, the free encyclopedia
ছাৰা বাৰ্নহাৰ্ট (Sarah Bernhardt) (২২ অক্টোবৰ ১৮৪৪ — ২৬ মাৰ্চ ১৯২৩) আছিল এগৰাকী ফৰাচী মঞ্চ আৰু আৰু প্ৰথম অৱস্থাৰ চলচ্চিত্ৰৰ অভিনেত্ৰী। এখেতক 'জগতৰ আটাইতকৈ বিখ্যাত অভিনেত্ৰী' (the most famous actress the world has ever known).[1] ১৮৭০ চনত বাৰ্নহাৰ্টে ফ্ৰান্সৰ মঞ্চত অভিনয় আৰম্ভ কৰে, পাছলৈ সমগ্ৰ ইউৰোপৰ মঞ্চত অভিনয় কৰাৰ উপৰিও আমেৰিকা মহাদেশতো অভিনয় কৰে। ট্ৰেজেদী চৰিত্ৰত তেখেতৰ অভিনয়ক 'ভগৱানৰ অৱদান' বুলি জ্ঞান কৰি সৰ্বসাধাৰণে তেখেতক 'স্বৰ্গীয় ছাৰা' (Divine Sarah) নাম দি লয়। তেওঁৰ অভিনয়ৰ ধাৰা অতি নাটকীয় হ'লেও জনপ্ৰিয়তাই তেখেতক জীৱিত কালতে এক কিংবদন্তীত পৰিণত কৰিছিল।[2]
ক্ষিপ্ৰ তথ্য ছাৰা বাৰ্নহাৰ্ট, জন্ম ...
ছাৰা বাৰ্নহাৰ্ট | |
---|---|
ছাৰা বাৰ্নহাৰ্টৰ ১৮৭৮ চনৰ ছবি, (আলোক চিত্ৰশিল্পী: পল নেডাৰ) | |
জন্ম | ৰ'জিন বাৰ্নহাৰ্ট ২২ অক্টোবৰ, ১৮৪৪ পেৰিছ, ফ্ৰান্স |
মৃত্যু | ২৬ মাৰ্চ, ১৯২৩ পেৰিছ, ফ্ৰান্স |
সক্ৰিয় হৈ থকা সময় | ১৮৬২-১৯২২ |
দাম্পত্যসঙ্গী | এমব্ৰ'ছ এৰিষ্টিড দামালা (বি. ১৮৮২–৮৯) |
বন্ধ কৰক