ছাৰ্লক হ'ম্ছ
From Wikipedia, the free encyclopedia
ছাৰ্লক হোম্ছ (ইংৰাজী: Sherlock Holmes) এটা কাল্পনিক ডিটেকটিভ চৰিত্ৰ। স্ৰষ্টা আছিল স্কটদেশীয় সাহিত্যিক ছাৰ আৰ্থাৰ কোনান ডয়েল। লণ্ডন নিবাসী ছাৰ্লক হোম্ছ প্ৰখ্যাত যুক্তিবাদী বিশ্লেষণত, ছদ্মবেশ ধাৰণত আৰু বিধি-বিজ্ঞানৰ নিয়ম অনুসৰি তদন্ত কৰি জটিল ৰহস্য সমাধানত সিদ্ধহস্ত।
ছাৰ্লক হোম্ছৰ আৱিৰ্ভাৱ হৈছিল ১৮৮৭ চনত উপন্যাস 'এ ষ্টাডি ইন স্কাৰলেট'ৰ যোগেদি। ছাৰ্লক হোম্ছ চৰিত্ৰটো সৰ্বমুঠ ছাপন্নটা গল্প আৰু চাৰিখন উপন্যাসৰ কেন্দ্ৰীয় চৰিত্ৰ আছিল। প্ৰথম গল্পলানিৰ প্ৰকাশৰ পাছতেই 'ছাৰ্লক হোম্ছ' বিপুলভাৱে জনপ্ৰিয় হয়। গল্পলানি মূলত: প্ৰকাশ হৈছিল 'ষ্ট্ৰাণ্ড' আলোচনীত। ছাৰ্লক হোম্ছৰ প্ৰথম উপন্যাস প্ৰকাশ হৈছিল 'বীটনছ ক্ৰিষ্টমাছ এনুৱেল' আলোচনীত। গল্পৰ ঘটনাৱলীৰ সময় ১৮৮০ চনৰপৰা ১৯১৪ চনলৈ বিস্তৃত।
ছাৰ্লক হোম্ছ গল্প আৰু উপন্যাস সমূহৰ কঠকৰ চৰিত্ৰ আছিল ডা. ৱাটছন। ছাৰ্লক হোম্ছৰ অন্তৰংগ বন্ধু। প্ৰথম উপন্যাসৰ সময়তে দুয়োৰে প্ৰথম সাক্ষাৎ হৈছিল। অৱশ্যে দুটা গল্পত ছাৰ্লক হোম্ছে নিজেই কথকৰ ভূমিকাত অৱতীৰ্ণ হৈছিল। আনহাতে আন দুটা গল্প লিখা হৈছিল তৃতীয় পুৰুষত।