জন্ম নিয়ন্ত্ৰণ
From Wikipedia, the free encyclopedia
জন্ম নিয়ন্ত্ৰণ বা গৰ্ভনিৰোধক বা উৰ্বৰতা নিয়ন্ত্ৰণ (ইংৰাজী: Birth control) হৈছে গৰ্ভধাৰণ প্ৰতিৰোধ কৰা পদ্ধতি বা সঁজুলি।[1] প্ৰাচীন কালৰ পৰা জন্ম নিয়ন্ত্ৰণ প্ৰচলিত হৈ আহিছে, কিন্তু জন্ম নিয়ন্ত্ৰণৰ কাৰ্যকৰী আৰু সুৰক্ষিত পদ্ধতি কেৱল বিংশ শতিকাত হে উপলব্ধ হৈছিল।[2] সঠিক পৰিকল্পনাৰে উপলব্ধ জন্ম নিয়ন্ত্ৰণ কৰাক পৰিয়াল পৰিকল্পনা বুলি কোৱা হয়।[3][4] কিছুমান সমাজত জন্ম নিয়ন্ত্ৰণৰ অনুশীলন সীমিত বা অনুমোদিত নহয় কিয়নো তেওঁলোকে ইয়াক নৈতিক, ধৰ্মীয় বা ৰাজনৈতিকভাৱে অবাঞ্ছিত বুলি বিবেচনা কৰে।[2] বিশ্ব স্বাস্থ্য সংস্থা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই নিৰ্দিষ্ট চিকিৎসা স্থিতি থকা মহিলাসকলৰ মাজত জন্ম নিয়ন্ত্ৰণ পদ্ধতিৰ সুৰক্ষাৰ ওপৰত নিৰ্দেশনা প্ৰদান কৰে।[5][6] জন্ম নিয়ন্ত্ৰণৰ আটাইতকৈ কাৰ্যকৰী পদ্ধতিবোৰ হৈছে পুৰুষৰ ভেচেকটমীৰ জৰিয়তে বন্ধ্যাকৰণ আৰু মহিলাৰ টিউবেল লিগেচন (tubal ligation), অন্তঃজৰায়ু সঁজুলি (Intrautarine device, আই.ইউ.ডি.), আৰু ৰোপণযোগ্য জন্ম নিয়ন্ত্ৰণ। ইয়াৰ উপৰিও কেইবাটাও হৰমন-আধাৰিত পদ্ধতি আছে যাৰ ভিতৰত আছে খোৱা বড়ি, পেত্চ, যোনিৰ আঙঠি, আৰু বেজী।[7] কম কাৰ্যকৰী পদ্ধতিৰ ভিতৰত আছে কণ্ডম, জন্ম নিয়ন্ত্ৰণ বড়ি, গৰ্ভনিৰোধক স্পঞ্জ আৰু প্ৰজনন সজাগতা পদ্ধতি। আটাইতকৈ কম কাৰ্যকৰী পদ্ধতি হৈছে পুৰুষৰ বীৰ্যস্খলনৰ আগতে অপসাৰন কৰা।[7] বন্ধ্যাকৰণ যদিও অত্যন্ত কাৰ্যকৰী, সাধাৰণতে ই অপৰিৱৰ্তনীয়। অৰ্থাৎ পূৰ্ববৰ্তী অৱস্থালৈ পুনৰ পৰিবৰ্তন কৰিব নোৱাৰি; আন সকলো পদ্ধতি বন্ধ কৰাৰ লগে লগে পূৰ্ববৰ্তী অৱস্থালৈ পুনৰ ঘূৰি আহে।[7]
এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
সুৰক্ষিত যৌন অভ্যাস, যেনে কণ্ডম ব্যৱহাৰে, যৌন সংক্ৰমণ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে।[8] জন্ম নিয়ন্ত্ৰণৰ অন্যান্য পদ্ধতিবোৰে যৌন সংক্ৰমিত ৰোগৰ পৰা সুৰক্ষা নিদিয়ে।[9] কিছুমান জৰুৰীকালীন জন্ম নিয়ন্ত্ৰণ পদ্ধতি আছে যি গৰ্ভধাৰণ প্ৰতিহত কৰিব পাৰে যদিহে অসুৰক্ষিত যৌন সম্ভোগৰ ৭২ ৰ পৰা ১২০ ঘণ্টাৰ ভিতৰত ব্যৱহাৰ কৰা হয়।[10][11]কিছুমানে যুক্তি দিয়ে যে যৌন সম্ভোগ নকৰাটোও জন্ম নিয়ন্ত্ৰণৰ এক প্ৰকাৰ, কিন্তু যৌন শিক্ষাৰ আৰু জন্ম নিয়ন্ত্ৰণৰ শিক্ষা প্ৰদান নকৰি কেৱল যৌন সম্ভোগ নকৰিবলৈ শিক্ষা দিয়াটো লাভজনক নহয়। যৌন শিক্ষাৰ অবিহনে কিশোৰী বয়সত গৰ্ভধাৰণ(কৈশোৰ গৰ্ভাৱস্থা)ৰ ঘটনা বৃদ্ধি হ'ব পাৰে বুলি গৱেষণাত পোৱা গৈছে।[12][13]