ডেল কাৰ্নেগী
From Wikipedia, the free encyclopedia
ডেল কাৰ্নেগী (ইংৰাজী: Dale Carnegie, ২৪ নৱেম্বৰ, ১৮৮৮ – ১ নৱেম্বৰ, ১৯৫৫) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী লেখক আৰু প্ৰবক্তা আছিল। তেওঁ আত্ম-উন্নয়ন, বিক্ৰয়গুণ, কৰ্পোৰেট প্ৰশিক্ষণ, ৰাজহুৱা কথন আৰু আন্তঃ-ব্যক্তিগত দক্ষতা আদি বিষয়ক পাঠ্যক্ৰমসমূহৰ বিকাশ ঘটাইছিল। মিছৌৰীৰ জন্ম গ্ৰহণ কৰা কাৰ্নেগীয়ে সাম্প্ৰতিক কালতো জনপ্ৰিয় হাও টু ৱিন ফ্ৰেণ্ডছ এণ্ড ইনফ্লুৱেঞ্চ পিপল (১৯৩৬) শীৰ্ষক গ্ৰন্থৰ ৰচনা কৰিছিল। হাও টু ষ্টপ ভেৰিং এণ্ড ষ্টাৰ্ট লিভিং (১৯৪৮), লিংকন দ্য আননওন (১৯৩২) আদি তেওঁৰ আন কেইখনমান গ্ৰন্থ।[1] আনৰ প্ৰতি নিজৰ আচৰণ সলনি কৰি তেওঁলোকৰ আচৰণ সলনি কৰা যে সম্ভৱ সেই কথা আছিল তেওঁৰ গ্ৰন্থসমূহৰ এক মূল উপজীৱ্য।
ক্ষিপ্ৰ তথ্য ডেল কাৰ্নেগী, জন্ম ...
ডেল কাৰ্নেগী | |
---|---|
জন্ম | ডেল হাৰ্বিছন কাৰ্নাগী ২৪ নৱেম্বৰ, ১৮৮৮ মেৰিভিল, মিছৌৰী, আমেৰিকা যুক্তৰাষ্ট্ৰ |
মৃত্যু | ১ নৱেম্বৰ, ১৯৫৫ (৬৬ বছৰ) ফৰেষ্ট হিলছ, নিউয়ৰ্ক |
সমাধিস্থল | বেল্টন, মিছৌৰী |
পেচা | লেখক, প্ৰবক্তা |
উল্লেখনীয় কৰ্মৰাজি | হাও টু ৱিন ফ্ৰেণ্ডছ এণ্ড ইনফ্লুৱেঞ্চ পিপল হাও টু ষ্টপ ৱৰিং এণ্ড ষ্টাৰ্ট লিভিং |
দাম্পত্যসংগী |
|
সন্তান | ডোনা ডেল কাৰ্নেগী |
স্বাক্ষৰ |
বন্ধ কৰক