তুলসী বিবাহ
From Wikipedia, the free encyclopedia
তুলসী বিবাহ (ইংৰাজী: Tulsi Vivah) হৈছে হিন্দুসকলৰ এক পৰম্পৰাগত উৎসৱ য'ত তুলসী পুলিটোক ঈশ্বৰৰ অংশ বুলি ভবা হয়। এই উৎসৱত তুলসীৰ সৈতে শালেগ্ৰাম বা বিষ্ণু বা তেওঁৰ অৱতাৰ কৃষ্ণৰ বিবাহ অনুষ্ঠিত কৰা হয়। তুলসী বিবাহে হিন্দু ধৰ্ম্মত বৰ্ষাৰ অন্ত আৰু বিবাহৰ ঋতুৰ আগমণ সূচায়।[1][2]
ক্ষিপ্ৰ তথ্য তুলসী বিবাহ, পালন কৰে ...
তুলসী বিবাহ | |
---|---|
তুলসী বিবাহ অনুষ্ঠান | |
পালন কৰে | হিন্দু |
প্ৰকাৰ | ধাৰ্মিক |
আৰম্ভ হয় | প্ৰবোধিনী একাদশী |
শেষ হয় | কাৰ্ত্তিক পূৰ্ণিমা |
উদযাপন | এদিনীয়া |
সংঘটন | বাৰ্ষিক |
বন্ধ কৰক
আনুষ্ঠানিক উৎসৱটি প্ৰবোধিনী একাদশী আৰু কাৰ্ত্তিক পূৰ্ণিমাৰ মাজৰ কোনোবা এটা দিনত পতা হয়। ঠাইবিশেষে দিন-বাৰ সলনি হয়।[3][4]