দূৰৱৰ্তী সংবেদন
From Wikipedia, the free encyclopedia
দূৰৱৰ্তী সংবেদন বা দূৰ সংবেদন (Remote Sensing) হৈছে এক কলা আৰু বিজ্ঞান য'ত কোনো এক বস্তু বা অঞ্চলৰ তথ্য আহৰণ কৰা হয় সেই বস্তু বা অঞ্চলক শাৰীৰিকভাৱে স্পৰ্শ নকৰাকৈ। দূৰৱৰ্তী সংবেদন কৌশলসমূহ বৰ্তমান সময়ত বিভিন্ন ক্ষেত্ৰত ব্যবহাৰ কৰা হয়। ভূগোল, ভূ-বিজ্ঞান, যোগাযোগ, ভূমি সমীক্ষা, অৰ্থনীতি, যিকোনো পৰিকল্পনা, প্ৰতিৰক্ষা আদিত দূৰৱৰ্তী সংবেদন কৌশলসমূহ ব্যবহাৰ কৰা হয়। দূৰৱৰ্তী সংবেদন পদ্ধতিত সাধাৰণতে সংবেদক (Sensor) ব্যৱহাৰ কৰা হয়। এই সংবেদকসমূহ এক নিৰ্দিষ্ট তৰংগ-দৈৰ্ঘ্য বিদ্যুত-চুম্বকীয় শক্তিৰ বাবে সক্ৰিয় হৈ পৰে আৰু সেই শক্তিৰ পৰিমাণ হিচাপ কৰে। সেই শক্তি সাধাৰণতে কোনো বস্তু বা অঞ্চলৰ দ্বাৰা প্ৰতিফলিত বা বিকিৰিত হয়। বিভিন্ন তৰংগ-দৈৰ্ঘ্যৰ শক্তিৰ পৰিমাণৰ ওপৰত ভিত্তি কৰিয়েই বস্তু বা অঞ্চলৰ তথ্য আহৰণ কৰা হয়। এটা সংবেদকে আহৰণ কৰা শক্তিৰ পৰিমাণ বহুতো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে যেনে বস্তুটোৰ জ্যামিতি, ৰাসায়নিক বৈশিষ্ট্য, গঠন, পৃষ্ঠৰ খহটাৰ পৰিমাণ ইত্যাদি[1]। দূৰৱৰ্তী সংবেদন হৈছে এটা বহু-বিভাগীয় বিজ্ঞান য'ত বহুকেইটা বিভাগ যেনে আলোকবিজ্ঞান, দূৰসংযোগ, আলোকচিত্ৰগ্ৰহণৰ কলা, কৃত্ৰিম উপগ্ৰহ প্ৰক্ষেপণ বিজ্ঞান আদিৰ সহায় লোৱা হয়। এই আটাইবোৰ প্ৰযুক্তি একেলগ কৰি এটা ব্যৱস্থাৰ গঠন কৰা হয় যাক কোৱা হয় দূৰৱৰ্তী সংবেদন ব্যৱস্থা[1]।