দেৰাডুন
উত্তৰাখণ্ডৰ ৰাজধানী / From Wikipedia, the free encyclopedia
দেৰাডুন ভাৰতৰ এখন মহানগৰ আৰু ই উত্তৰাখণ্ডৰ ৰাজধানী। এই চহৰ খন ভাৰতবৰ্ষৰ ৰাজধানী চহৰ দিল্লীৰ পৰা প্ৰায় ২৩৬ কিলোমিটাৰ উত্তৰে গিৰিৰাজ হিমালয়ৰ পাদদেশত অৱষ্ঠিত। চহৰখনৰ পশ্চিমে গংগানদী আৰু পূবে যমুনা নদী আছে। দেৰাডুন চহৰৰ জলবাযু প্ৰায়ে শীতল হৈ থাকে। চহৰখনৰ অন্যতম আকৰ্ষনীয় ঠাইবোৰ হল, মচুৰি, নাইনিতাল, হিন্দু ধৰ্মীয় স্থান হৰিদ্বাৰ আৰু ঋষিকেশ। দেৰাডুন চহৰ খন প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে প্ৰশাসনিক আৰু ৰাষ্ট্ৰীয় শিক্ষানুষ্ঠানৰ বাবে জনাজাত। ভাৰতীয় সৈন্য একাদেমী, অৰণ্য গৱেষণা প্ৰতিষ্ঠান, দেৰাডুন প্ৰাদ্যোগিক বিশ্ববিদ্যালয়, ভাৰতীয় পেট্ৰলিয়াম প্ৰতিষ্ঠান, তেল আৰু প্ৰাকৃতিক গেছ প্ৰতিষ্ঠান, তেল আৰু শক্তি অধ্যয়ন বিশ্ববিদ্যালয়, দেৰাডুন আইন মহাবিদ্যালয়, ভাৰতীয় জৰীপ প্ৰতিষ্ঠান, ৱাদিয়া হিমালয়ান ভূ-তত্ব প্ৰতিষ্ঠান, ভাৰতীয় ৰিমট চেনচিঙ প্ৰতিষ্ঠান, ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ দৰে এঘাৰখন ৰাষ্টীয় শিক্ষানুষ্ঠানৰ বাবে জনপ্ৰিয়।[উদ্ধৃতিৰ প্ৰয়োজন]
দেৰাডুন देहरादून |
|
---|---|
— মেট্ৰ'পলিটান — | |
Front View of F.R.I., Dehradun.jpgঅৰণ্য গৱেষণা প্ৰতিষ্ঠান | |
ভৌগোলিক স্থানাংক: 30.318°N 78.029°E / 30.318; 78.029 | |
Country | ভাৰত |
State | উত্তৰাখণ্ড |
District | দেৰাডুন |
উচ্চতা | ৮৩৫ মিটাৰ (২,৭৩৯.৫০ ফুট) |
জনসংখ্যা (২০১১)[1] | |
- মেট্ৰ'পলিটান | ৫,৭৮,৪২০ জন |
- মহানগৰ[2] | ৭,১৪,২২৩ জন |
ভাষা | |
- আনুষ্ঠানিক | হিন্দী |
সময় অঞ্চল | IST (গ্ৰী.মা.স.+5:30) |
পিন | ২৪৮০০১ |
টেলিফোন কোড | ৯১–১৩৫ |
যানবাহনৰ নম্বৰ | UK-07,UA-07,UP-07 |
ৱেবছাইট | dehradun |