দেৱদাসী
মন্দিৰৰ পৃষ্ঠপোষক দেৱতাৰ পূজাত উৎসৰ্গিত নাৰী / From Wikipedia, the free encyclopedia
দক্ষিণ আৰু পূব ভাৰতৰ কিছু অংশত দেৱদাসী বা যোগিনীসকল হ’ল কিছুমান যুৱতী যিসকলে হিন্দু দেৱতা বা কোনোবা মন্দিৰত উপাসনাৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিছিল। এগৰাকী দেৱদাসী হ’বলৈ ন্যূনতম বয়স সাত বছৰ পৰ্যন্ত হ’ব পাৰে। দেৱদাসী হ’বলৈ পট্টুকাট্টু বা আৰম্ভণি উৎসৱ পালন কৰা হয় যিটো উৎসৱ হিন্দু বিবাহৰ নিয়ম-নীতিৰ সৈতে একেই হয়। দেৱদাসীসকলে মন্দিৰ আৰু আন ধৰ্মীয় উপাচাৰসমূহ চোৱা-চিতা কৰাৰ লগতে ভাৰতনাট্যম আৰু ওদিছি নৃত্যৰ দৰে কলাসমূহ সাধনা কৰিবলগীয়া হয়। সংগীত আৰু নৃত্য মন্দিৰ উপাসনাৰ অন্যতম অংগ হোৱা হেতুকে তেওঁলোকৰ সামাজিক স্থিতি উচ্চ আছিল।
দেৱদাসী হোৱাৰ পিছত তেওঁলোকে ধৰ্মীয় আচাৰ, নীতি-নিয়ম আৰু নৃত্য সাধনাৰ জৰিয়তে সময় পাৰ কৰিছিল। তেওঁলোকৰ মন্দিৰৰ পূজাৰী বা আন উচ্চখাপৰ ব্যক্তিৰ সৈতে বিয়া হৈছিল আৰু তেওঁলোকৰ সন্তানসকলকো সংগীত আৰু নৃত্যৰ শিক্ষা দিয়া হৈছিল। সেই সম্প্ৰদায়ৰ পৰা অহা বিশিষ্ট ব্যক্তিসকল হৈছে ভাৰতৰত্ন বিজয়ী এম এছ চুব্বালক্ষ্মী আৰু পদ্মবিভূষণ বঁটা বিজয়ী বালাসৰস্বতী।
ভাৰতৰ ৰজা-মহাৰজাসকল মন্দিৰৰ পৃষ্ঠপোষক আছিল যদিও ব্ৰিটিছৰ শাসনকালত তেনে বহু ৰজাই ক্ষমতা হেৰুৱাবলগীয়া হয়। যাৰ ফলত দেৱদাসীসকলেও পৰম্পৰাগত সমৰ্থন আৰু পৃষ্ঠপোষকতা হেৰুৱাবলগীয়া হয়। ঔপনিৱেশিক কালত কেইবাজনো সমাজসংস্কাৰকে দেৱদাসী প্ৰথা নিৰ্মূল কৰিবলৈ চেষ্টা কৰিছিল। ব্ৰিটিছসকলে কোনো অনুষ্ঠানত নৃত্য কৰাসকল আৰু দেৱতাৰ ওচৰত নিজকে উচৰ্গা কৰা আধ্যাত্মিক দেৱদাসীসকলৰ মাজত পাৰ্থক্য উলিয়াব পৰা নাছিল। যাৰ ফলত সামাজিক অৱনতি আৰু লোকনৃত্যৰ উত্তৰণ ঘটিছিল।[1][2][3][4]
১৯৮৮ চনত বেআইনী ঘোষণা কৰাৰ পিছৰে পৰা এই প্ৰথা লাহে লাহে নোহোৱা হৈ আহে।[5]
দেৱদাসীসকলক যোগিণী নামেৰেও জনা গৈছিল। তদুপৰি এই প্ৰথাক কৰ্ণাটকত বাচিভি, মহাৰাষ্ট্ৰত মাতঙ্গী আৰু গোৱাত ভাবিন আৰু কালাবান্তিন নামেৰে জনা গৈছিল।[6] আয়াৰ সম্প্ৰদায়ৰ দেৱদাসীসকলে ভাৰতনাট্যম পৰিৱেশন কৰিছিল।[7]