দেৱদাসী নৃত্য
From Wikipedia, the free encyclopedia
মন্দিৰৰ দেৱতাৰ সন্তুষ্টিৰ বাবে মন্দিৰ বিশেষে এক শ্ৰেণীৰ নৰ্ত্তকী ছোৱালী নিয়োগ কৰা হৈছিল। তেওঁলোকক দেৱদাসী (দেৱতাৰ দাসী) বোলা হৈছিল আৰু তেওঁসকলে কৰা নৃত্য দেৱদাসী নৃত্য নামেৰে জনা গৈছিল। কলহনৰ ৰাজতৰংগিণী, কৌটিল্যৰ অৰ্থশাস্ত্ৰ, দামোদৰ গুপ্তৰ কুট্টনীমতম্আদি গ্ৰন্থত আৰু সোমনাথ মন্দিৰত দেৱদাসী নৃত্য থকাৰ কথা জনা যায়। পদ্ম পুৰাণ আৰু ভৱিষ্য পুৰাণতো ইয়াৰ কথা উল্লেখ আছে। কালিদাসে মেঘদূত কাব্যত এই নৃত্যৰ কথা উল্লেখ কৰিছে। ভাৰতৰ বিভিন্ন ঠাইত প্ৰচলিত এই নৃত্যৰ নাম ঠাই বিশেষে বেলেগ বেলেগ।
এই প্ৰবন্ধৰ বিষয়ে বিতংভাৱে জানিবৰ বাবে, দেৱদাসী চাওক।
ক্ষিপ্ৰ তথ্য দেৱদাসী নৃত্য ...
দেৱদাসী নৃত্য | |
---|---|
১৯২০ চনত তোলা তামিলনাডুৰ দুগৰাকী দেৱদাসী নৰ্ত্তকীৰ আলোকচিত্ৰ |
বন্ধ কৰক