নাঙল
আদিম কৃষি যন্ত্ৰ / From Wikipedia, the free encyclopedia
নাঙল হৈছে ভাৰতৰ আদিম কৃষি যন্ত্ৰ। ই সাধাৰণত কৃষি কাৰ্যত ব্যৱহাৰ হোৱা এক ধৰণৰ যন্ত্ৰ।[1] বীজ অথবা পুলি ৰোপণৰ বাবে মাটি তৈয়াৰি কৰিবলৈ নাঙল ব্যৱহাৰ কৰা হয়। কৃষি কাৰ্যত ব্যৱহৃত ই অন্যতম পুৰাতন যন্ত্ৰ। ইয়াৰ প্ৰধান কাম হৈছে মাটি চহ কৰা আৰু মাটিৰ চপৰা ভাঙি দিয়া যাতে মাটিৰ তলৰ তৰপৰ পুষ্টি গুণবোৰ ওপৰলৈ উঠি আহিব পাৰে আৰু সেইদৰে মাটিৰ ওপৰৰ জাবৰ আৰু শস্যৰ অৱশিষ্টাংশবোৰ তললৈ গৈ জৈৱ সাৰলৈ পৰিণত হ’ব পাৰে। ইয়াৰ ফলত মাটিত বায়ু চলাচলৰ পৰিমাণ বাঢ়ে আৰু মাটিৰ আৰ্দ্ৰতা ধৰি ৰখাত সহায় হয়। সাধাৰণতে বলধ, ষাঁড়, ম'হ অথবা ঘোঁৰাৰ দ্বাৰা নাঙলেৰে হাল বোৱা হয়। বৰ্তমান আধুনিকতাৰ সৈতে হালৰ পৰিবৰ্তন হৈছে। ট্ৰেক্টৰ অথবা পাৱাৰ ট্ৰিলাৰৰ দ্বাৰা খেতি চহ কৰাৰ ক্ষেত্ৰতো নাঙল গুৰত্বপূৰ্ণ অংশ হিচাপে ব্যৱহাৰ হৈছে।[2]