নাৰীবাদী সাহিত্য সমালোচনা
From Wikipedia, the free encyclopedia
নাৰীবাদী সাহিত্য সমালোচনা (ইংৰাজী: Feminist literary criticism) হৈছে নাৰীবাদী তত্ত্ব তথা নাৰীবাদী ৰাজনীতিৰ দ্বাৰা গঠিত সাহিত্য সমালোচনা। ই সাহিত্যৰ ভাষাক সমালোচনা কৰিবলৈ নাৰীবাদৰ নীতি আৰু আদৰ্শ ব্যৱহাৰ কৰে। এই ধাৰাই সাহিত্যৰ ভিতৰত অন্তৰ্ভুক্ত অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক আৰু মানসিক শক্তিবোৰ অন্বেষণ কৰি সাহিত্যই পুৰুষৰ আধিপত্যৰ বৰ্ণনা কেনেদৰে চিত্ৰিত কৰে, তাক বিশ্লেষণ আৰু বৰ্ণনা কৰিব বিচাৰে।[1] এই ধৰণৰ চিন্তা আৰু সমালোচনাৰ কাৰ্যই সাহিত্যিক গ্ৰন্থসমূহক চোৱা আৰু অধ্যয়ন কৰাৰ পদ্ধতি সলনি কৰাৰ লগতে, প্ৰচলিত পাশ্চাত্য সাহিত্যক সলনি আৰু সম্প্ৰসাৰিত কৰিছে বুলি ক’ব পাৰি। ইয়াক গ্ৰীক পৌৰাণিক কাহিনীত বহুলভাৱে ব্যৱহাৰ কৰা হয়।[2]
পৰম্পৰাগতভাৱে, নাৰীবাদী সাহিত্য সমালোচনাই সাহিত্যিক সিদ্ধান্তৰ ভিতৰত পুৰণি গ্ৰন্থবোৰ এক নতুন দৃষ্টিভংগীৰে পৰীক্ষা কৰিবলৈ চেষ্টা কৰিছে। নাৰীবাদী সমালোচনাৰ নিৰ্দিষ্ট লক্ষ্যবোৰৰ ভিতৰত আছে; মহিলা লেখক পৰম্পৰাৰ বিকাশ আৰু অনুসন্ধান, পুৰণি গ্ৰন্থৰ পুনৰ আৱিষ্কাৰ, লগতে মহিলাৰ লেখনিৰ প্ৰতীকবাদ ব্যাখ্যা কৰা - যাতে ইয়াক পুৰুষৰ দৃষ্টিকোণৰপৰা উপেক্ষা কৰা নহয় আৰু ই হেৰাই নাযায়। মূলসুঁতিৰ সাহিত্যত অন্তৰ্নিহিত লিংগবাদক প্ৰতিৰোধ কৰাও নাৰীবাদী সাহিত্য সমালোচনাৰ লক্ষ্য। ১৯৮০ৰ দশকত লিজা টাটলে এই লক্ষ্যসমূহ বিকশিত কৰাত অৰিহণা যোগাইছিল; য’ত মহিলা লেখক আৰু তেওঁলোকৰ লেখনিসমূহ মহিলাৰ দৃষ্টিকোণৰপৰা বিশ্লেষণ কৰাৰ উদ্দেশ্যৰ সৈতে ভাষা আৰু শৈলীৰ লিংগবাদী ৰাজনীতি[3] বিষয়ক সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্য নিহিত হৈ আছিল। ঠিক তেতিয়াৰেপৰা ইয়াক বেছিভাগ নাৰীবাদী সমালোচকৰ দ্বাৰা গ্ৰহণ কৰা হৈছে।
ঊনবিংশ শতিকাৰ মহিলা লেখক জৰ্জ ইলিয়ট আৰু মাৰ্গাৰেট ফুলাৰৰ কালজয়ী ৰচনাৰপৰা তৃতীয়-ঢৌৰ লেখকে কৰা মহিলা অধ্যয়ন (ৱুমেনচ্ ষ্টাডিজ) তথা লিংগ ভিত্তিক অধ্যয়ন (জেণ্ডাৰ ষ্টাডিজ)ৰ অত্যাধুনিক তাত্ত্বিক কামলৈকে নাৰীবাদী সাহিত্য সমালোচনাৰ ইতিহাস বিস্তৃত। ১৯৭০ৰ দশকৰ আগলৈকে, নাৰীবাদৰ প্ৰথম আৰু দ্বিতীয় ঢৌত, নাৰীবাদী সাহিত্য সমালোচনা- বিশেষকৈ কাল্পনিক নাৰী চৰিত্ৰৰ চিত্ৰণ নাৰীৰ লেখন প্ৰতিভা আৰু সাহিত্যত নাৰীৰ অৱস্থানৰ সৈতে জড়িত আছিল। ইয়াৰ উপৰিও নাৰীবাদী সাহিত্য সমালোচনা সাহিত্যিৰ গণ্ডীৰপৰা মহিলাসকলক বাদ দিয়াক লৈ সচেতন। লইছ টাইছনৰ দৰে তাত্ত্বিকসকলৰ মতে, মহিলা লেখকসকলৰ মতামতক সাৰ্বজনীন বুলি গণ্য নকৰাটোৱেই হৈছে ইয়াৰ মূল কাৰণ।[4]
ইয়াৰ উপৰিও, নাৰীবাদী সমালোচনা কুইৰ অধ্যয়নৰ জন্ম আৰু বিকাশৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ আছে। আধুনিক নাৰীবাদী সাহিত্য তত্ত্বই কুইৰ সম্প্ৰদায়ৰ সাহিত্যিক চিত্ৰায়ন কৰাই নহয়, সাহিত্যত এওঁলোকৰ প্ৰতিনিধিত্বৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে; যি নাৰীবাদী সাহিত্য সমালোচনাৰ ভিতৰত বিভিন্ন পৰিচয় আৰু বিশ্লেষণৰ ভূমিকা সম্প্ৰসাৰিত কৰে।[5]
১৯৯০ৰ দশকত পুৰুষপ্ৰধান লিংগবিষয়ক ৰাজনীতিক পোনপটীয়াকৈ প্ৰত্যাহ্বান জনোৱাৰ উদ্দেশ্যে নৈতিকতা বৰ্জিত নাৰীবাদী সাহিত্যৰ উত্থান ঘটিছিল। মহিলাসকলে লিখা সাহিত্যৰ ঐতিহাসিক চেঞ্চৰশ্বিপৰ প্ৰতিবাদত মহিলাসকলে পিতৃসত্বা বিৰোধী বিষয়বস্তু ব্যৱহাৰ কৰি লিখিবলৈ আৰম্ভ কৰিছিল। ৰীতা ফেলস্কি আৰু জুডিথ বেনেটৰ দৰে ব্যক্তিসকলৰ দ্বাৰা বিস্তৃত স্তৰত মহিলাৰ যৌন অন্বেষণক নিয়োগ কৰি অথবা সমকামী আৰু কুইৰ পৰিচয় ব্যৱহাৰ কৰি মহিলাসকলে সাহিত্যত নাৰীবাদী বিষয়বোৰৰ বিষয়ে পঢ়ুৱৈ তথা অনুৰাগীৰ অধিক মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।[6]
লিংগ, বিষয়নিষ্ঠতা আৰু তৃতীয় ঢৌৰ নাৰীবাদৰ অধিক জটিল ধাৰণা বিকাশৰ পিছৰেপৰা নাৰীবাদী সাহিত্য সমালোচনাই বিভিন্ন নতুন পথ লৈছে।