পঞ্জাবী ভাষা
ভাৰত আৰু পাকিস্তানত কোৱা ভাষা / From Wikipedia, the free encyclopedia
পঞ্জাবী বা পাঞ্জাৱী (ਪੰਜਾਬੀ, پنجابی) ইণ্ডো-ইউৰোপীয় ভাষা পৰিবাৰৰ ইণ্ডো-আৰ্য্য শাখাৰ এটি ভাষা। ই ভাৰতত পঞ্জাব ৰাজ্যৰ প্ৰায় ৩ কোটি মানুহৰ মাতৃভাষা। পশ্চিম পঞ্জাবী বা লাণ্ডা পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ প্ৰায় ৬ কোটি মানুহৰ মাতৃভাষা। ইয়াৰ উপৰিও আফগানিস্তান, বাংলাদেশ, যুক্তৰাজ্য, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাত পঞ্জাবী ভাষাৰ প্ৰচলন আছে। কানাডাত আঢ়ৈ লাখৰো অধিক মানুহে পঞ্জাবী ভাষাত কথা পাতে; সেয়ে ই কানাডাৰ ৬ষ্ঠ বৃহত্তম ভাষা। পূৰ্ৱ পঞ্জাবী ভাষা ভাৰতৰ ২২টা চৰকাৰী ভাষাৰ এটা। ভাৰতৰ পঞ্জাব ৰাজ্যত যোগাযোগ, শিক্ষা, প্ৰশাসন, ব্যৱসায় আৰু গণমাধ্যমত এই ভাষা ব্যবহৃত হয়। পাকিস্তানত পশ্চিম পঞ্জাবী ভাষাৰ কোনো চৰকাৰী স্বীকৃতি নাই। তাৰ পঞ্জাবী ভাষীসকলে মূলত ইংৰাজী আৰু উৰ্দু ভাষাৰ মাধ্যমত প্ৰশাসন, শিক্ষা, গণমাধ্যম আদিৰ কামবিলাক সম্পাদন কৰে। পঞ্জাবী ভাষা শিখ ধৰ্মাবলম্বীসকলৰ ধৰ্মীয় ভাষা। পঞ্জাবী ভাষাৰ মূল লিপি হ'ল- গুৰুমুখী লিপি।
Punjabi | |
---|---|
| |
'Punjabi' written in Shahmukhi script used in Punjab, Pakistan (top) and Gurmukhi script used in Punjab, India (bottom) | |
উচ্চাৰণ | |
থলুৱা অঞ্চল | Pakistan and India |
অঞ্চল | পঞ্জাব, ভাৰত |
জাতীয়তা | Punjabis |
স্থানীয় ভাষিক |
113 million (2011–2017)[lower-alpha 1][1] |
ভাষা পৰিয়াল |
Indo-European
|
পূৰ্বসূৰী |
Proto-Indo-European
|
উপভাষা | *See Punjabi dialects |
লিখন প্ৰণালী |
|
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
পাকিস্তান
ভাৰত |
নিয়মাধীন হয় |
Punjab Institute of Language, Art & Culture, Punjab, Pakistan Department of Languages, Punjab, India[10] |
ভাষা সংকেত | |
ISO 639-1 | pa |
ISO 639-2 | pan |
ISO 639-3 | Either: pan – Panjabi pnb – Western Panjabi |
গ্লোটোলগ | panj1256 Eastern Panjabi[11]west2386 Western Panjabi[12] |
লিংগোৱাস্ফেয়াৰ | 59-AAF-e |
Geographic distribution of Punjabi language in Pakistan and India. | |
এই প্ৰবন্ধত IPA-ৰ ধ্বনি চিহ্নসমূহ আছে। কোনো সঠিক সহায় নললে আপুনি ধ্বনি চিহ্নসমূহৰ সলনি প্ৰশ্নবোধক চিন বা বাকচ বা আন চিহ্ন দেখা পাব পাৰে। |