বংগ বিভাজন (১৯০৫)
From Wikipedia, the free encyclopedia
প্ৰথমটো বংগ বিভাজন (ইংৰাজী: Partition of Bengal, ১৯০৫; বংগ ভংগ) আছিল ব্ৰিটিছ শাসকৰ দ্বাৰা ঘোষিত হোৱা বংগ প্ৰদেশৰ এক পুনৰ্গঠন। এই পুনৰ্গঠনে পূৰ্বীয় সংখ্যাগৰিষ্ঠ মুছলমান বসতিপ্ৰধান অঞ্চলসমূহক পশ্চিমৰ সংখ্যাগৰিষ্ঠ হিন্দু বসতিপ্ৰধান অঞ্চলৰ পৰা পৃথক কৰিছিল। ভাৰতৰ তেতিয়াৰ ভাইচৰয় লৰ্ড কাৰ্জনৰ দ্বাৰা ১৯০৫ চনৰ ১৯ জুলাইত এই বিভাজনৰ আদেশ জাৰী কৰা হৈছিল। আনহাতে বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল ১৯০৫ চনৰ ১৬ অক্টোবৰত। ছবছৰৰ পাছত ইয়াক এই বিভাজনক অচল ঘোষণা কৰা হৈছিল আৰু পূৰ্বৰ অৱস্থালৈ ঘূৰাই অনা হৈছিল।
পশ্চিম বংগত থকা হিন্দুসকলে অভিযোগ কৰিছিল যে এই বিভাজনে তেওঁলোকক নিজৰ প্ৰদেশত সংখ্যালঘুৰ পৰ্যায়লৈ লৈ যাব। হিন্দুসকলে 'বিভাজন কৰা আৰু শাসন কৰা' নীতিটো লক্ষ্য কৰি অত্যন্ত ক্ষোভিত হৈ পৰিছিল।[1][2]:248–249 অৱশ্যে লৰ্ড কাৰ্জনে প্ৰশাসনীয় সুচলতাৰ কথাটোকেই জোৰ দি বুজাব খুজিছিল। এই বিভাজনটোৱে মুছলমানসকলক সম্প্ৰদায়ৰ ভিত্তিত নিজস্বভাৱে ৰাষ্ট্ৰীয় সংগঠন গঠন কৰিবলৈ উৎসাহিত কৰে। ব্ৰিটিছৰ নীতিৰ বিৰোধিতাৰে গঢ়ি উঠা স্বদেশী আন্দোলনৰ পৰিণামস্বৰূপে ১৯১১ চনত বংগীয় আৱেগক সমৰ্থন কৰিবলৈ লৰ্ড হেষ্টিংছে বংগৰ একত্ৰীকৰণ কৰে।