বাংলাদেশৰ নাৰী
From Wikipedia, the free encyclopedia
বাংলাদেশৰ নাৰীৰ মৰ্যাদা বিগত কেইটামান শতিকাত গুৰুত্বপূৰ্ণভাৱে পৰিৱৰ্তন ঘটিছে। ১৯৭১ চনত দেশে স্বাধীনতা লাভৰ পিছৰে পৰা বাংলাদেশী মহিলাসকলে যথেষ্ট অগ্ৰগতি লাভ কৰিছে, য’ত দেশখনৰ মহিলাসকলে তেওঁলোকৰ বাবে ৰাজনৈতিক সবলীকৰণ বৃদ্ধি কৰিব পাৰিছে। লগতে যোৱা চাৰিটা দশকত চাকৰিৰ উন্নত সম্ভাৱনা, শিক্ষাৰ সুযোগ বৃদ্ধি আৰু বাংলাদেশৰ নীতিৰ জৰিয়তে নিজৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে নতুন আইন গ্ৰহণৰ অভিজ্ঞতা লাভ কৰিছে। তথাপিও বাংলাদেশৰ মহিলাসকল নিষিদ্ধ লিংগ ভূমিকা বলৱৎ কৰা সমাজৰ নীতি-নিয়মত কিছু পৰিমাণে আৱদ্ধ। তদুপৰি মহিলাসকলক সুৰক্ষা দিবলৈ নিৰ্ধাৰণ কৰা আইনৰ দুৰ্বল ৰূপায়ণৰ বাবে তেওঁলোক পুৰুষৰ সমমৰ্যাদা প্ৰাপ্তিৰ ক্ষেত্ৰত সংগ্ৰামৰ সন্মুখীন হৈছে।
২০ শতিকাৰ আগতে এই দেশৰ লগতে সাধাৰণতে বংগতো মহিলাসকলেও বাসস্থানৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন স্তৰৰ স্বায়ত্তশাসনৰ অভিজ্ঞতা লাভ কৰিছিল। গ্ৰাম্য অঞ্চলত বসবাস কৰা মহিলাসকলে দল-সংগঠনে ঘূৰি ফুৰি ৰাজহুৱা স্থানত উপস্থিত হ’ব পৰাৰ বিপৰীতে চহৰ অঞ্চলত বাস কৰা মহিলাসকলে পৰ্দাৰে নিজকে ঢাকিহে বাহিৰ ওলাব পাৰিছিল। সেই সময়ত হিন্দু আৰু মুছলমান উভয় পৰিয়ালৰে মধ্যবিত্ত আৰু উচ্চবৰ্গৰ মহিলাসকলৰ বেছিভাগেই আছিল গৃহিণী যিসকল বাহিৰলৈ গৈ ফুৰা-চকা কৰাটো সহজসাধ্য নাছিল। মাজে মাজে ওলাই গ'লেও তেওঁলোকে কাপোৰেৰে আবৃত গাড়ীৰ ভিতৰতহে যাতায়াত কৰিছিল। ঘৰৰ পিতৃপুৰুষে চহৰ অঞ্চলৰ অজ্ঞাত বিপদৰ পৰা নাৰীক ৰক্ষা কৰাৰ এক উপায় হিচাপে এই পন্থাটো অৱলম্বন কৰা হৈছিল। কিন্তু নিম্নবৰ্গৰ মহিলাৰ মাজত পৰ্দা সাধাৰণ নাছিল।
বাংলাদেশত সাক্ষৰতাৰ দিশত পুৰুষৰ তুলনাত মহিলাৰ হাৰ কম। মহিলাৰ হাৰ ৫৫.১% হোৱাৰ বিপৰীতে পুৰষৰ ৬২.৫%। ২০১২ চনৰ, ১৫ বছৰ আৰু তাতকৈ অধিক বয়সৰ জনসংখ্যাৰ আধাৰত এই পৰিসংখ্যা যুগুতোৱা হৈছে।[1]
বিগত দশকবোৰত বাংলাদেশে শিক্ষা নীতিৰ উন্নতি সাধন কৰিছে; আৰু ছোৱালীৰ শিক্ষাৰ সুবিধা বৃদ্ধি পাইছে। নব্বৈৰ দশকত প্ৰাথমিক বিদ্যালয়ত ছোৱালীৰ নামভৰ্তি দ্ৰুতগতিত বৃদ্ধি পাইছে। যদিও এতিয়া প্ৰাথমিক আৰু নিম্ন মাধ্যমিক পৰ্যায়ত নামভৰ্তিৰ ক্ষেত্ৰত লিংগ সমতা দেখা গৈছে, তথাপিও পিছৰ মাধ্যমিকৰ বৰ্ষবোৰত ছোৱালীৰ শতকৰা হাৰ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।[2]
বাল্যবিবাহৰ হাৰৰ ক্ষেত্ৰত বাংলাদেশ বিশ্বৰ ভিতৰতে অন্যতম।[3]যৌতুকৰ প্ৰথা অবৈধ হ'লেও এই সামাজিক পৰিঘটনাত বাংলাদেশে অৰিহণা যোগাই আহিছে।[4]২৯% ছোৱালী ১৫ বছৰ বয়সৰ আগতে আৰু ৬৫% ছোৱালী ১৮ বছৰ বয়সৰ আগতে বিবাহপাশত আবদ্ধ হয়।[5] চৰকাৰী পদক্ষেপৰ প্ৰভাৱ কম হোৱা পৰিলক্ষিত হৈছে। আৰু ই পৰস্পৰ বিৰোধী বুলিও বিবেচিত হৈছে। চৰকাৰে ২০৪১ চনৰ ভিতৰত বাল্যবিবাহৰ অন্ত পেলোৱাৰ প্ৰতিশ্ৰুতি দিছে যদিও ২০১৫ চনত দেশৰ প্ৰধানমন্ত্ৰীয়ে ছোৱালীৰ বিবাহৰ বয়স ১৮ বছৰৰ পৰা ১৬ বছৰলৈ হ্ৰাস কৰাৰ চেষ্টা কৰিছিল।[6] আইনখনৰ ব্যতিক্ৰম এনেদৰে স্থাপন কৰা হৈছিল যাতে ১৬ বছৰ বয়সত পিতৃ-মাতৃৰ সন্মতি সাপেক্ষে বিবাহৰ অনুমতি দিয়া হয়।