বায়ু প্ৰদূষণ
ক্ষতিকাৰক পদাৰ্থৰ দ্বাৰা বায়ু দূষিত হোৱা / From Wikipedia, the free encyclopedia
বায়ু প্ৰদূষণ(ইংৰাজী: Air pollution) হ’ল বায়ুমণ্ডলত প্ৰদূষক পদাৰ্থৰ উপস্থিতিৰ ফলত বায়ু দূষিত হোৱা, যিয়ে মানুহ আৰু অন্যান্য জীৱৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক আৰু জলবায়ু বা বয়-বস্তুৰ ক্ষতি সাধন কৰে।[1][2] বিভিন্ন পদাৰ্থ যেনে, ৰাসায়নিক, ভৌতিক বা জৈৱিক পদাৰ্থৰ দ্বাৰা ঘৰৰ ভিতৰ বা বাহিৰৰ পৰিৱেশৰ দূষণেও বায়ুমণ্ডলৰ প্ৰাকৃতিক বৈশিষ্ট্য সলনি কৰে।[1] বিভিন্ন প্ৰকাৰৰ বায়ু প্ৰদূষক(যেনে এমোনিয়া, কাৰ্বন মনোক্সাইড, ছালফাৰ ডাই অক্সাইড, নাইট্ৰাছ অক্সাইড, মিথেন, কাৰ্বন-ডাই-অক্সাইড আৰু ক্লোৰোফ্লুৰোকাৰ্বন), জৈৱিক আৰু অজৈৱিক কণিকা আৰু জৈৱিক অণু আদি। বায়ু প্ৰদূষণৰ ফলত মানুহৰ নানা ৰোগ, এলাৰ্জি, আনকি মৃত্যুও হ'ব পাৰে; ই আন ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱৰ ক্ষতি কৰাৰ উপৰি, জীৱ-জন্তু আৰু খাদ্য শস্যৰো ক্ষতি কৰিব পাৰে, আৰু প্ৰাকৃতিক পৰিৱেশৰ (উদাহৰণ স্বৰূপে, জলবায়ু পৰিৱৰ্তন, অ'জ’ন হ্ৰাস বা বাসস্থানৰ অৱক্ষয়) বা সৃষ্ট পৰিৱেশ(উদাহৰণ স্বৰূপে, এচিড বৰষুণ) ক্ষতিগ্ৰস্ত কৰিব পাৰে।[3] মানুহৰ কাৰ্যকলাপ[4] আৰু প্ৰাকৃতিক পৰিঘটনা দুয়োটাৰ ফলত বায়ু প্ৰদূষণ হ'ব পাৰে।[5]
বিশ্বজুৰি পৃথিৱীৰ জলবায়ু আৰু পৰিৱেশ তন্ত্ৰৰ লগত বায়ুৰ গুণাগুণ ওতপ্ৰোতভাৱে জড়িত। বায়ু প্ৰদূষণৰ বহুতো কাৰণৰ ভিতৰত সেউজ গৃহ গেছ নিৰ্গমন উৎস যেনে, জীৱাশ্ম ইন্ধন দহনো এটা।[1]
বায়ু প্ৰদূষণ, প্ৰদূষণ সম্পৰ্কীয় কেইবাটাও ৰোগৰ বাবে এক উল্লেখযোগ্য বিপদজনক কাৰক, য'ত শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ, হৃদৰোগ, ক্ৰনিক অব্ষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ (COPD), ষ্ট্ৰোক আৰু হাওঁফাওঁৰ কৰ্কট ৰোগ আদি হয়।[6] ক্ৰমাৎ বৃদ্ধি পোৱা তথ্যই প্ৰকাশ কৰে যে, বায়ু প্ৰদূষণৰ সংস্পৰ্শৰ ফলত উপস্থিত বুদ্ধিমত্তা হ্ৰাস, জ্ঞানশক্তিৰ অসুবিধা,[7] মানসিক বিকাৰ যেনে, হতাশা[8] আৰু প্ৰসৱকালীন স্বাস্থ্যৰ ক্ষতিৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।[9] বায়ুৰ গুণাগুণৰ অৱনতি হোৱাৰ ফলত মানুহৰ স্বাস্থ্যৰ ওপৰত পৰা প্ৰভাৱ বহু দূৰলৈকে বিস্তৃত যদিও মূলতঃ শৰীৰৰ শ্বাসতন্ত্ৰ আৰু হৃদযন্ত্ৰত প্ৰভাৱ পেলায়। বায়ু প্ৰদূষকৰ প্ৰতি ব্যক্তিগত প্ৰতিক্ৰিয়া নিৰ্ভৰ কৰে এজন ব্যক্তিৰ সংস্পৰ্শলৈ অহা প্ৰদূষকৰ প্ৰকাৰ,[10][11] সংস্পৰ্শৰ মাত্ৰা আৰু ব্যক্তিজনৰ স্বাস্থ্যৰ অৱস্থা আৰু জিনীয় বিজ্ঞানৰ ওপৰত।[12]
জীৱাশ্ম ইন্ধন দহনৰ ফলতেই ঘৰৰ বাহিৰৰ বায়ু প্ৰদূষণৰ ফলত বছৰি ~৩.৬১ মিলিয়ন লোকৰ মৃত্যু হয়, যাৰ বাবে মানুহৰ মৃত্যুৰ অন্যতম শীৰ্ষ কাৰণ হিচাপে চিহ্নিত কৰা হৈছে,[13] মানৱসৃষ্ট অ'জন আৰু পিএম ২.৫ৰ ফলত হয়, ~২.১ মিলিয়ন।2.5 causing ~2.1 million.[14][15] সামগ্ৰিকভাৱে বায়ু প্ৰদূষণৰ ফলত প্ৰতি বছৰে বিশ্বজুৰি প্ৰায় ৭০ লাখ লোকৰ মৃত্যু হয়, বা বিশ্বব্যাপী গড় আয়ুস (LLE) ২.৯ বছৰ হৈছে,[16] আৰু ই বিশ্বৰ সৰ্ববৃহৎ একক পৰিৱেশ স্বাস্থ্যজনিত বিপদ, যাৰ অন্ততঃ ২০১৫ চনৰ পৰা বিশেষ পৰিৱৰ্তন হোৱা নাই।[6][17][18] ২০০৮ চনৰ ব্লেকস্মিথ ইনষ্টিটিউটৰ বিশ্বৰ আটাইতকৈ বেয়া প্ৰদূষিত স্থানৰ প্ৰতিবেদনত ঘৰৰ ভিতৰৰ বায়ু প্ৰদূষণ আৰু নগৰীয়া বায়ুৰ গুণাগুণক বিশ্বৰ দুটা ভয়াৱহ বিষাক্ত প্ৰদূষণৰ সমস্যা হিচাপে তালিকাভুক্ত কৰা হৈছে।[19] বায়ু প্ৰদূষণৰ সংকটৰ পৰিসৰ বৃহৎ; ২০১৮ চনত বিশ্ব স্বাস্থ্য সংস্থাই অনুমান কৰিছিল যে "১০ জনৰ ভিতৰত ৯জন লোকেই উচ্চ মাত্ৰাৰ প্ৰদূষকযুক্ত বায়ুৰে উশাহ লয়।" [20] যদিও স্বাস্থ্যজনিত পৰিণতি গুৰুতৰ, সমস্যাটো মোকাবিলা কৰাৰ ধৰণটো কিন্ত বহুলাংশে বিবেচনা কৰা হয় আড়ম্বৰপূৰ্ণ[21][20][22] বা অৱহেলিত।[23]
বায়ু প্ৰদূষণৰ ফলত উৎপাদনশীলতা হেৰুওৱা আৰু জীৱনৰ মানদণ্ডৰ অৱনমিত হোৱাৰ ফলত বিশ্ব অৰ্থনীতিয়ে প্ৰতি বছৰে ৫ ট্ৰিলিয়ন ডলাৰ খৰচ কৰে বুলি অনুমান কৰা হৈছে[24][25] কিন্তু স্বাস্থ্য আৰু মৃত্যুৰ প্ৰভাৱৰ সৈতে সমসাময়িক অৰ্থনৈতিক ব্যৱস্থা বাহ্যিক আৰু বেছিভাগ মানুহৰ কাৰ্য্যকলাপ, কেতিয়াবা মধ্যমীয়াভাৱে নিয়ন্ত্ৰণ আৰু নিৰীক্ষণ কৰা হয়।[26][27] বায়ু প্ৰদূষণ হ্ৰাস কৰিবলৈ বিভিন্ন প্ৰদূষণ নিয়ন্ত্ৰণ প্ৰযুক্তি আৰু কৌশল উপলভ্য। বায়ু প্ৰদূষণৰ নেতিবাচক প্ৰভাৱ সীমিত কৰিবলৈ কেইবাটাও আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় আইন আৰু নিয়ন্ত্ৰণ প্ৰস্তুত কৰা হৈছে।[28] স্থানীয় নিয়মসমূহ সঠিকভাৱে কাৰ্যকৰী কৰি জনস্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট উন্নতি হৈছে।[29] এই প্ৰচেষ্টাসমূহৰ কিছুমান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফল হৈছে, যেনে মণ্ট্ৰিয়েল প্ৰট'কল,[30] যিয়ে ক্ষতিকাৰক অ'জন ক্ষয়কাৰী ৰাসায়নিক পদাৰ্থৰ নিৰ্গমন হ্ৰাস কৰে আৰু ১৯৮৫ চনৰ হেলচিংকি প্ৰট'কল,[31] যিয়ে চালফাৰ নিৰ্গমন হ্ৰাস কৰে।[32] আনহাতে আন কিছুমান, যেনে জলবায়ু পৰিৱৰ্তনৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় পদক্ষেপ[33][34][35] কম সফল হোৱা দেখা গৈছে।