বেগম ৰোকেয়া
From Wikipedia, the free encyclopedia
ৰোকেয়া সাখাৱাত হোচেইন (ইংৰাজী: Rokeya Sakhawat Hossain; ৯ ডিচেম্বৰ ১৮৮০- ৯ ডিচেম্বৰ ১৯৩২) ব্ৰিটিছ ভাৰতত (বৰ্তমানৰ বাংলাদেশত) জন্মগ্ৰহণ কৰা এগৰাকী নাৰীবাদী চিন্তাবিদ, শিক্ষাবিদ তথা সমাজ সংস্কাৰক। তেওঁক ভাৰতীয় উপমহাদেশৰ নাৰী জাগৰণৰ অগ্ৰদূত বুলি গণ্য কৰা হয়। যুক্তিবাদী জীৱ হিচাপে পুৰুষ আৰু নাৰীৰ সমাধিকাৰৰ হকে তেওঁ মাত মাতিছিল। তেওঁৰ মতে শিক্ষাৰ অভাৱেই নাৰীৰ দয়নীয় আৰ্থিক অৱস্থাৰ বাবে দায়ী।[1]
ক্ষিপ্ৰ তথ্য বেগম ৰোকেয়া, জন্ম ...
বেগম ৰোকেয়া | |
---|---|
জন্ম | ৰোকেয়া খাটুন ৯ ডিচেম্বৰ ১৮৮০ পায়ৰাবন্দ, ৰংপুৰ জিলা, বেঙ্গল প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত |
মৃত্যু | ৯ ডিচেম্বৰ ১৯৩২ কলকাতা, বেঙ্গল প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত |
পেচা | লেখক, শিক্ষাবিদ, সমাজকৰ্মী |
দাম্পত্যসঙ্গী | খান বাহাদুৰ সাখাৱাত হোচেইন (১৮৯৮-১৯০৯) |
আত্মীয়-স্বজন | কৰিমুন্নেচা খানম চৌধুৰী (ভগ্নী) |
বন্ধ কৰক