বেছিলিস্ক
From Wikipedia, the free encyclopedia
বেচিলিস্ক (/ˈbæsɪlɪsk/ বা /ˈbæzɪlɪsk/[1]) হৈছে ইউৰোপীয় শ্ৰুতিকথাত বৰ্ণিত এবিধ কিংবদন্তিমূলক সৰীসৃপ। ইয়াক সাপৰ ৰজা বুলি জনা যায় আৰু ইয়াৰ চকুলৈ যিজনে চায় তেওঁৰ মৃত্যু হয় বুলি কোৱা হয়। প্লিনি দ্য এল্ডাৰৰ নেচাৰেলিছ হিষ্টোৰিয়াৰ মতে চাইৰিনৰ বেচিলিস্ক হৈছে এটা সৰু সাপ, যাৰ “দৈৰ্ঘ্য বাৰ ইঞ্চিতকৈ বেছি নহয়”[2], আৰু যিটো ইমানেই বিষাক্ত যে ই গৈ থাকোতে পিছফালে মাৰাত্মক বিষৰ বহল পটিৰ চাব এৰি যায়, আৰু সেইদৰে ইয়াৰ দৃষ্টিও মাৰাত্মক।
বেছিলিস্কৰ এটা কাঠৰ ভাস্কৰ্য্য | |
উপশ্ৰেণী | কিংবদন্তিমূলক বৰ্ণসংকৰ |
---|---|
সম্পৰ্কীয় জীৱ | ড্ৰেগন, ককাট্ৰিছ, সাগৰীয় সাপ, বৃহৎ আনাকোণ্ডা, বিষাক্ত কিংবদন্তিমূলক সাপ |
লোকগাথা | ইউৰোপ |
প্লিনিৰ মতে বেচিলিস্কৰ দুৰ্বলতা হ’ল নেউলসদৃশ প্ৰাণী ৱীজল গোন্ধ। বেচিলিস্কৰ গাঁতত ৱীজল পেলাই দিয়াৰ ফলত চাৰিওফালৰ কিছুমান জোপোহা আৰু ঘাঁহ জ্বলি যোৱাৰ বাবে ইয়াৰ উপস্থিতি চিনাক্ত কৰিব পৰা গৈছিল। সম্ভৱতঃ ইউৰোপত বেচিলিস্কৰ কিংবদন্তি আৰু ইয়াৰ ৱীজলৰ সৈতে সম্পৰ্ক এছিয়া আৰু আফ্ৰিকাৰ কিছুমান বিশেষ প্ৰজাতিৰ সাপ (যেনে ফেঁটী সাপ) আৰু ইয়াৰ প্ৰাকৃতিক শত্ৰু নেউলৰ কাহিনীৰ পৰা অনুপ্ৰাণিত হৈছিল।