ভাৰতৰ সংসদ ভৱন
দিল্লীত ভাৰতৰ সংসদৰ পূৰ্বৰ আসন / From Wikipedia, the free encyclopedia
ভাৰতৰ সংসদ ভৱন (Parliament house of India)ভাৰতৰ সংসদ ভৱন আছে নতুন দিল্লীত। ১৯২১ চনৰ ১২ ফেব্ৰুৱাৰীত এই ভৱনটোৰ আধাৰশিলা স্থাপন কৰা হৈছিল। ছবছৰৰ অন্তত ১৯২৭ চনৰ ১৮ জানুৱাৰীত সেই সময়ৰ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড আৰউইনে ইয়াক আনুষ্ঠানিকভাৱে মুকলি কৰে। সংসদ ভৱনটোৰ নিৰ্মাণত খৰচ পৰিছিল ৮৩ লাখ টকা। ভৱনৰ নক্সা প্ৰস্তুত কৰিছিল প্ৰখ্যাত ইংৰাজ স্থাপতিবিদ ছাৰ এডুইন লুট্যেনছ আৰু ছাৰ হাৰ্বাট বেকাৰে। হাৰ্বাৰ্ট বেকাৰ নতুন দিল্লী মহানগৰীৰো নক্সা প্ৰস্তুত আৰু নিৰ্মাণৰ স'তেও জড়িত আছিল।
ক্ষিপ্ৰ তথ্য সংসদ ভৱন পাৰ্লিয়ামেণ্ট হাউচ, পূৰ্বৰ নাম ...
সংসদ ভৱন পাৰ্লিয়ামেণ্ট হাউচ | |
---|---|
সংসদ ভৱন | |
পূৰ্বৰ নাম | House of Parliament |
সাধাৰণ তথ্য | |
স্থিতি | সক্ৰিয় |
স্থাপত্য শৈলী | লুট্যেনছ,দিল্লী |
ঠিকনা | সংসদ মাৰ্গ, নতুন দিল্লী, ভাৰত |
চহৰ | নতুন দিল্লী |
দেশ | ভাৰত |
স্থানাংক | 28.617189°N 77.208084°E / 28.617189; 77.208084 |
নিৰ্মাণ আৰম্ভ | ১৯২১ |
মুকলি | ১৯২৭ |
নক্সা আৰু নিৰ্মাণ | |
গৰাকী | ব্ৰিটিছ ভাৰত (১৯২৭-১৯৪৭) ভাৰত চৰকাৰ (১৯৫০-বৰ্তমানলৈ) |
স্থাপত্যবিদ | এডুইন লুট্যেনছ আৰু হাৰ্বাৰ্ট বেকাৰ |
অন্য তথ্য | |
আসন ক্ষমতা | ৭৯০ |
বন্ধ কৰক