ভেলী অৱ ফ্লাৱাৰ্ছ ৰাষ্ট্ৰীয় উদ্যান
ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যান / From Wikipedia, the free encyclopedia
ভেলী অফ ফ্লাৱাৰ্ছ (ইংৰাজী: Valley of Flowers National Park) সুউচ্চ পশ্চিম হিমালয়ত অৱস্থিত এক ভাৰতীয় ৰাষ্ট্ৰীয় উদ্যান। ইয়াক স্থানীয় পৰ্বতীয়া ফুলেৰে ভৰা বিস্তীৰ্ণ ঘাঁহনি আৰু তাত পোৱা বিভিন্ন উদ্ভিদৰ বাবে জনা যায়। এই উদ্যান উত্তৰাখণ্ডত অৱস্থিত। এই জৈৱবৈচিত্ৰৰে সমৃদ্ধ অঞ্চলটো ভালেকেইবিধ বিৰল তথা লুপ্তপ্ৰায় বন্যপ্ৰাণী যেনে এছিয়ান ক'লা ভালুক, হিম চিতা, মুগা ভালুক, নীলগাই (Blue Sheep) আদিৰো বাসস্থান। ভেলী অফ ফ্লাৱাৰ্ছ ৰাষ্ট্ৰীয় উদ্যানৰ নয়নাভিৰাম প্ৰাকৃতিক দৃশ্যই পূবৰ নন্দা দেৱী ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া পাৰ্বত্য আৱৰণক পৰিপূৰ্ণ কৰি তোলে। দুয়ো মিলি জংস্কাৰ আৰু হিমালয়ৰ মাজৰ অনন্য পথছোৱা আগুৰি থাকে। উদ্যানখন ৮৭.৫০ বৰ্গ কিঃমিঃ জুৰি বিস্তৃত। এই দুয়োখন উদ্যানকে নন্দা দেৱী বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চলে (২২৩,৬৭৪ হেক্টৰ) আৱৰি আছে। এক সুৰক্ষিত অঞ্চলে (৫,১৪৮.৫৭ হেক্টৰ) ইয়াক ঘেৰি ৰাখিছে। এই সংৰক্ষিত বনাঞ্চল ২০০৪ চনৰ পৰা ইউনেস্ক'ৰ বিশ্ব বন্যপ্ৰাণী সংৰক্ষিত অঞ্চলৰ নেটৱৰ্ক হিচাপে অন্তৰ্ভুক্ত হৈ আছে।
নন্দা দেৱী আৰু ভেলী অফ ফ্লাৱাৰ্ছ ৰাষ্ট্ৰীয় উদ্যান | |
---|---|
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম | |
দেশ | ভাৰত |
ধৰণ | প্ৰাকৃতিক |
মাপকাঠি | vii, x |
উদ্ধৃতি | ৩৩৫ |
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল | এচিয়া-পেচিফিক |
অভিলিখনৰ ইতিহাস | |
অভিলিখন | ১৯৮৮ (১২তম অধিবেশন) |
বিস্তাৰসমূহ | ২০০৫ |
দ্য ভেলী অফ ফ্লাৱাৰ্ছ অৰ্থাৎ পুষ্প উপত্যকা হৈছে হিমালয়ৰ উচ্চতাত থকা এক উপত্যকা যাক খ্যাতনামা পৰ্বতাৰোহী আৰু উদ্ভিদবিদসকলে এটা শতিকাজুৰি বিভিন্ন লেখনিত উল্লেখ কৰি আহিছে। হিন্দু ধৰ্মত ইয়াৰ উল্লেখ বহুদিনীয়া। পুষ্প উপত্যকাত সময়ৰ সৈতে ৰঙ সলোৱা অনেক প্ৰকাৰৰ ৰঙীন ফুল পোৱা যায়। ১৯৮২ চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় আৰু বৰ্তমান ই এক বিশ্ব ঐতিহ্যবাহী স্থান। স্থানীয় লোক বিশ্বাস কৰে যে এই ঠাই অপেশ্বৰীসকলৰ বাসস্থান। উপত্যকাটো অনেক আপুৰুগীয়া ফুল যেনে ব্ৰহ্মকমল, নীলা পপী, ক'ব্ৰা লিলি আদিৰ নিবাস।
পুষ্প উপত্যকাটো পশ্চিম হিমালয়ান পাৰ্বত্য জোপোহা আৰু ঘাঁহনি অঞ্চলক প্ৰতিনিধিত্ব কৰা ইয়াৰ পাৰ্বত্য উদ্ভিদ বৈচিত্ৰ্যৰ বাবে আন্তৰ্জাতিকভাৱে গুৰুত্বপূৰ্ণ। ইয়াৰ সমৃদ্ধিশালী জৈৱ-বৈচিত্ৰ্যই ক্ৰমে উত্তৰ আৰু দক্ষিণজুৰি বিস্তৃত জংস্কাৰ আৰু হিমালয় তথা পূব হিমালয় আৰু পশ্চিম হিমালয়ৰ মাজৰ যোগাযোগৰ কথাকে প্ৰতিফলিত কৰে। কিছুসংখ্যক উদ্ভিদ সমগ্ৰ বিশ্বতে বিপন্ন আৰু বহুকেইবিধ উত্তৰাখণ্ডৰ বাদে আৰু ক'তো পোৱা নাযায়। অন্য হিমালয়ান সুৰক্ষিত অঞ্চলতকৈ ইয়াত বিপন্ন ঔষধি উদ্ভিদৰ অৱস্থিতি অধিক পোৱা গৈছে। সমগ্ৰ নন্দা দেৱী জীৱমণ্ডল সংৰক্ষিত অঞ্চলটো পশ্চিম হিমালয় স্থানীয় পক্ষী অঞ্চলত অৱস্থিত। ভেলী অফ ফ্লাৱাৰ্ছ ৰাষ্ট্ৰীয় উদ্যানখন উক্ত মণ্ডলটোৰ দ্বিতীয়খন মুখ্য ক্ষেত্ৰ। সাতবিধ সীমিত অঞ্চলত পোৱা চৰাইৰ প্ৰজাতি ইয়াৰ স্থানীয় নিবাসী। উদ্যানখনৰ উচ্চতম ঠাই হৈছ গৌৰী পৰ্বত। সাগৰপৃষ্ঠৰ পৰা এই ঠাইৰ উচ্চতা ৬,৭১৯ মিটাৰ।