মৎস্য অৱতাৰ
From Wikipedia, the free encyclopedia
মৎস্য অৱতাৰ (সংস্কৃত: मत्स्य ) বিষ্ণুৰ দহ মুখ্য অৱতাৰৰ অন্যতম। মৎস্য অৱতাৰে মনুক আৰু সৃষ্টিক প্ৰলয়ৰপৰা ৰক্ষা কৰিছিল। মাছ-ৰূপী-ৰক্ষকৰ ৰূপত মৎস্যক চোৱা আতাইতকৈ পুৰণি দস্তাবেজত মৎস্যক বৈদিক আৰাধ্য প্ৰজাপতিৰ সম দেখা গৈছিল। বৈদিক যুগৰ পাছত মৎস্যক ব্ৰহ্মাৰ সৈতে এক গণ্য কৰা হৈছিল। তাৰ পাছত মৎস্যক বিষ্ণুৰ অৱতাৰ ৰূপে গ্ৰহণ কৰা হ'ল।[1][2][3] মৎস্য সম্বন্ধিত আখ্যানৰ হিন্দু গ্ৰন্থসমূহত প্ৰসাৰ, ক্ৰমবিকাশ আৰু ভিন্ন হোৱা দেখা যায়। কাহিনীসমূহত সাংকেতিক অৰ্থ অন্তৰ্নিহিত হৈ আছে- ক্ষুদ্ৰ মৎস্যক মনুৱে আশ্ৰয় প্ৰদান কৰে, সেই মৎস্যই পিছলৈ ডাঙৰ হৈ সৃষ্টিক ৰক্ষা কৰে।[4][5] মৎস্য অৱতাৰক কেতিয়াবা শিঙৰ সৈতে দেখুৱা হয়, আৰু কেতিয়াবা মানৱি অংগৰ সৈতে।[6][4]