য়েমেন
From Wikipedia, the free encyclopedia
য়েমেন মধ্যপ্ৰাচ্য এছিয়াৰ এখন দেশ। ই আৰৱ উপদ্বীপৰ দক্ষিণ-পশ্চিম প্ৰান্তত অৱস্থিত। সুউচ্চ পৰ্বতমালা য়েমেনৰ উপকূলীয় সমভূমিক অভ্যন্তৰৰ জনবিৰল মৰুভূমিৰ পৰা পৃথক কৰিছে। য়েমেনৰ জনসংখ্যা অতি কম। দেশখনৰ আধাতকৈ বেছি অংশ বসবাসৰ বাবে অযোগ্য। ইয়াৰ জনসংখ্যাৰ বেছি ভাগেই গাঁৱত বাস কৰে। প্ৰাচীনকালত ইয়াত কেইবাটাও সমৃদ্ধশীল সভ্যতা গঢ় লৈ উঠিছিল। কিন্তু ধীৰে ধীৰে ইয়াৰ গুৰুত্ব হ্ৰাস পায় আৰু এক হাজাৰ বছৰতকৈও বেছি সময় ই দৰিদ্ৰ আৰু অৱহেলিত দেশ হিচাপে চিহ্নিত হৈছে। বিংশ শতিকাৰ শেষৰ ফালে ইয়াত খাৰুৱা তেল আৱিষ্কাৰ হোৱাত য়েমেনৰ অৰ্থনৈতিক আৰু জনগণৰ জীৱনৰ মান উন্নয়নৰ সম্ভাৱনা দেখা গৈছে।
য়েমেন গণতন্ত্ৰ Republic of Yemen الجمهورية اليمنية জুমহুৰিয়াহ- আল-য়েমেনিয়াহ |
|||||
---|---|---|---|---|---|
নীতিবাক্য الله، الوَطَن، الثَورة، الوَحدة "Allāh, al-Waṭan, ath-Thawrah, al-Waḥdah" "আল্লাহ, দেশ,বিপ্লৱ, একতা" |
|||||
ৰাষ্ট্ৰীয় সঙ্গীত نشيد اليمن الوطني য়েমেনৰ ৰাষ্ট্ৰীয় সংগীত "একত্ৰিত গণতন্ত্ৰ" |
|||||
য়েমেনৰ অৱস্থান (red) আৰৱ উপদ্বীপৰ মেপত (white) |
|||||
ৰাজধানী | চানা এডেন (হাদী চৰকাৰ) | ||||
বৃহত্তম নগৰ | চানা | ||||
ৰাষ্ট্ৰভাষা (সমূহ) | আৰৱী ভাষা | ||||
জাতীয়তাসূচক বিশেষণ | য়েমেনী | ||||
চৰকাৰ | অস্থায়ী চৰকাৰ | ||||
- | ৰাষ্ট্ৰপতি | অবদ ৰাব্বুহ মনচুৰ হাদী | |||
- | প্ৰধানমন্ত্ৰী | আহমেদ ওৱেইড বিন দাঘৰ | |||
স্থাপিত | |||||
- | উত্তৰ য়েমেনৰ স্বাধীনতাa | ১ নৱেম্বৰ ১৯১৮ |
|||
- | দক্ষিণ য়েমেনৰ স্বাধীনতাb | ৩০ নৱেম্বৰ ১৯৬৭ |
|||
- | একত্ৰিত | ৩২ মৰ ১৯৯০ | |||
মাটিকালি | |||||
- | মুঠ | ৫,২৮,০৭৬ বৰ্গ কিমি (50th) ২,০৩,৭৯৬ বৰ্গ মাইল |
|||
- | জলভাগ (%) | নামমাত্ৰ | |||
জনসংখ্যা | |||||
- | ২০১৩ আনুমানিক | ২,৫৪,০৮,০০০'"`UNIQ--ref-০০০০০০০০-QINU`"' (৪৮ তম) | |||
- | ২০০৪ লোকপিয়ল | ১,৯৬,৮৫,০০০'"`UNIQ--ref-০০০০০০০১-QINU`"' | |||
জিডিপি (পিপিপি) | ২০১৬ আনুমানিক | ||||
- | মুঠ | $৮৫.২৮৪ বিলিয়ন[1] | |||
- | জনমুৰি | $২,৯২৭[1] | |||
জিডিপি (নামমাত্ৰ) | ২০১৬ আনুমানিক | ||||
- | মুঠ | $৪১.৮৮৪ বিলিয়ন[1] | |||
- | জনমুৰি | $১,৪৩৭[1] | |||
মানৱ উন্নয়ন সূচক (২০১৩) | ০.৫০০ (১৫৪তম) | ||||
মুদ্ৰা | য়েমেনী ৰিয়াল (YER ) |
||||
সময় অঞ্চল | আৰৱীক মান সময় (ইউটিচি+৩) | ||||
গাড়ী চলোৱা হয় | সোঁফালে[2] | ||||
ইণ্টাৰনেট টিএলডি | .ye, اليمن. | ||||
কলিং ক'ড | +৯৬৭ |
১৯৯০ চনত য়েমেন আৰৱ গণতন্ত্ৰ (উত্তৰ য়েমেন) আৰু গণপ্ৰজাতন্ত্ৰী য়েমেন (দক্ষিণ য়েমেন) দেশ দুখন একত্ৰিত কৰি য়েমেন প্ৰজাতন্ত্ৰ গঠন কৰা হয়। চানা'আ য়েমেনৰ ৰাজধানী আৰু বৃহত্তম চহৰ। য়েমেনৰ পশ্চিমে লোহিত সাগৰ আৰু দক্ষিণে এডেন উপসাগৰ। ই আফ্ৰিকা মহাদেশৰ পৰা বাব-এল-মান্দেব প্ৰণালীৰ মাধ্যমত বিচ্ছিন্ন। দেশখনৰ উত্তৰ আৰু উত্তৰ-পূবত চৌদি আৰৱ আৰু পূবত ওমান অৱস্থিত। চৌদি আৰৱ আৰু ওমানই য়েমেনৰ প্ৰতিবেশী ৰাষ্ট্ৰ। য়েমেনৰ আয়তন ৫,২৭,৯৭০ বৰ্গকিলোমিটাৰ।