শব্দ প্ৰদূষণ
From Wikipedia, the free encyclopedia
শব্দ প্ৰদূষণ (ইংৰাজী: Noise pollution) হৈছে মানুহৰ বা জন্তুৰ জীৱনৰ কাৰ্যকলাপৰ ওপৰত বিভিন্ন ক্ষতিকাৰক প্ৰভাৱৰ পেলোৱাকৈ হোৱা শব্দ তথা কোলাহলৰ প্ৰসাৰ। শব্দ হৈছে অণুৰ সংঘৰ্ষত সৃষ্টি হোৱা এক কম্পন বা তৰঙ্গ, যি কোনো মাধ্যমৰ দ্বাৰা আহি আমাৰ কাণত অনুভূত হয়। বায়ু, তৰল, কঠিন এই তিনিওটা মাধ্যমৰ মাজেৰে শব্দ তৰঙ্গ পাৰ হৈ যাব পাৰে। এই তৰঙ্গ এক জটিল প্ৰক্ৰিয়াৰ দ্বাৰা মস্তিষ্কই গ্ৰহণ কৰিলে আমি শব্দ শুনা বুলি কওঁ। মানুহৰ শ্ৰৱণ ইন্দ্ৰিয়ই ২০ ৰ পৰা ২০,০০০ হাৰ্টজৰ তৰঙ্গ শব্দ গ্ৰহণ কৰি অনুধাৱন কৰিব পাৰে। শব্দৰ প্ৰাৱল্য জোখা আন্তঃৰাষ্ট্ৰীয় একক হৈছে ‘ডেচিবেল’। টেলিফোনৰ আৱিষ্কাৰক আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ সন্মানাৰ্থে এই একক প্ৰচলিত হৈ আহিছে। বেল এককৰ এক-দশমাংশই হ’ল ‘ডেচিবেল’। অৰ্থাৎ নিঃশব্দ অৱস্থাত হোৱা সামান্যতম শব্দৰ অনুভূতিয়েই হ’ল এক ‘ডেচিবল’। মানুহৰ শৰীৰ আৰু শ্ৰৱণ ইন্দ্ৰিয়ত কোনো ক্ষতি নকৰা শব্দৰ সৰ্বোচ্চ প্ৰাৱল্য মান ৬৫ ডেচিবল। শুনিবলৈ আমনিদায়ক অবাঞ্চিত শব্দবোৰক কোলাহল বোলা হয়। এই কোলাহলে যেতিয়া জীৱৰ স্বাভাৱিক জীৱন যাত্ৰাত আমনি দিয়াৰ উপৰিও শাৰীৰিক আৰু মানসিক দিশত ব্যাপক ক্ষতি কৰে তেতিয়া তাক শব্দ প্ৰদূষণ বুলি কোৱা হয়।[1]