ষ্টিফেনি মেয়াৰ
From Wikipedia, the free encyclopedia
ষ্টিফেনি মেয়াৰ (ইংৰাজী: Stephenie Meyer; née Morgan; pron.: /ˈmaɪ.ər/ my-ər; জন্ম: ২৪ ডিচেম্বৰ, ১৯৭৩) এগৰাকী আমেৰিকান ঔপন্যাসিক তথা প্ৰযোজক। তেওঁ ঘাইকৈ ভেম্পায়াৰ ৰোমাঞ্চ শৃংখলা টোৱাইলাইটৰ বাবে জনাজাত।[1][2][3] ১০০ মিলিয়নতকৈও অধিক বিক্ৰী[1][4] তথা ৩৭টা বিভিন্ন ভাষালৈ অনুবাদ হোৱা[2][3] টোৱাইলাইট উপন্যাস সমূহে তেওঁলৈ বিশ্বজোৰা খ্যাতি আনি দিয়ে। ২০০৮ চনত ২৯ মিলিয়ন[5][6] আৰু ২০০৯ চনত ২৬.৫ মিলিয়ন কিতাপ বিক্ৰীৰে[7] ২০০৮ আৰু ২০০৯ চনত মেয়াৰৰ গ্ৰন্থই আমেৰিকাত সৰ্বাধিকসংখ্যক বিক্ৰীৰ অভিলেখ গঢ়িছিল। ২০০৮ চনত আমেৰিকাৰ কিতাপৰ দোকানসমূহত টোৱাইলাইট আছিল সৰ্বাধিক বিক্ৰী হোৱা কিতাপ।[8]
ষ্টিফেনি মেয়াৰ | |
---|---|
ছান ডিয়েগ' কমিক কন ইণ্টাৰনেশ্যনেলত ষ্টিফেনি মেয়াৰ | |
জন্ম | ষ্টিফেনি মৰ্গান ২৪ ডিচেম্বৰ, ১৯৭৩ (৫০ বছৰ) হাৰ্টফ'ৰ্ড,কানেক্টিকাট |
পেচা | ঔপন্যাসিক, প্ৰযোজক |
ৰাষ্ট্ৰীয়তা | আমেৰিকান |
ধৰণ | ভেম্পায়াৰ ৰোমাঞ্চ, চেমনীয়া কল্পকাহিনী, কল্পবিজ্ঞান |
উল্লেখনীয় কৰ্মৰাজি | টোৱাইলাইট শৃংখলা |
দাম্পত্যসংগী | ক্ৰিষ্টিয়ান মেয়াৰ (বি. ১৯৯৪) |
সন্তান | ৩ |
প্ৰভাবিত হয়
| |
প্ৰভাবিত কৰে
| |
স্বাক্ষৰ | |
ৱেবছাইট | http://www.stepheniemeyer.com/ |
টাইম আলোচনীৰ "২০০৮ চনৰ ১০০ গৰাকী শীৰ্ষ প্ৰভাৱশালী ব্যক্তি"ৰ তালিকাত মেয়াৰে ৪৯তম স্থান দখল কৰে[9] আৰু ফোৰ্বছৰ ২০০৯ চনৰ শীৰ্ষ এশগৰাকী শক্তিশালী চেলিব্ৰেটীৰ তালিকাত ২৬তম স্থান লাভ কৰে। তেওঁৰ বছৰেকীয়া উপাৰ্জনে ৫০ মিলিয়ন ডলাৰৰ ঘৰো অতিক্ৰম কৰে।[10]
- ২০১০ চনত ৪০ মিলিয়ন ডলাৰ উপাৰ্জনৰে সৈতে ফোৰ্বছে মেয়াৰক ৫৯তম শক্তিশালী চেলিব্ৰেটীৰ স্থান দিয়ে।[11]