সুহাস ললিনাকেৰী য়াথিৰাজ
ভাৰতীয় প্ৰসাশনিক বিষয়া তথা পেৰা-বেডমিণ্টন খেলুৱৈ / From Wikipedia, the free encyclopedia
সুহাস ললিনাকেৰী য়াথিৰাজ (ইংৰাজী: Suhas Lalinakere Yathiraj; জন্ম: ২ জুলাই ১৯৮৩) হৈছে এগৰাকী ভাৰতীয় প্ৰসাশনিক বিষয়া তথা পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ।[1] সুহাসে ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰি উত্তৰ প্ৰদেশৰ বিভিন্ন জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ২০১৮ চনৰ মাৰ্চ মাহত বাৰাণসীত অনুষ্ঠিত দ্বিতীয় ৰাষ্ট্ৰীয় পেৰা-বেডমিণ্টন চেম্পিয়নশ্বিপত পুৰুষৰ একক শাখাত স্বৰ্ণ পদক জয় কৰি তেওঁ ৰাষ্ট্ৰীয় চেম্পিয়ন হয়। ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত তেওঁ পুৰুষৰ একক এছএল৪ বেডমিণ্টন প্ৰতিযোগিতাৰ ৰূপৰ পদক অৰ্জন কৰে।[2]
ক্ষিপ্ৰ তথ্য সুহাস য়াথিৰাজ, ব্যক্তিগত তথ্য ...
সুহাস য়াথিৰাজ | |||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ব্যক্তিগত তথ্য | |||||||||||||||||||||||||
জন্ম নাম | সুহাস ললিনাকেৰী য়াথিৰাজ | ||||||||||||||||||||||||
দেশ | ভাৰত | ||||||||||||||||||||||||
জন্ম | ২ জুলাই, ১৯৮৩ (৪০ বছৰ) হাছান, কৰ্ণাটক, ভাৰত | ||||||||||||||||||||||||
বাসগৃহ | গৌতম বুদ্ধ নগৰ, উত্তৰ প্ৰদেশ, ভাৰত | ||||||||||||||||||||||||
সক্ৰিয়তাৰ সময় | ২০০৭–বৰ্তমান | ||||||||||||||||||||||||
হাত | সোঁ | ||||||||||||||||||||||||
পদক অভিলেখ
|
বন্ধ কৰক