হৰপ্পা
From Wikipedia, the free encyclopedia
হৰপ্পা (IPA: [ɦəɽəppa]) পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ এক পুৰাতাত্বিক ক্ষেত্ৰ আৰু ই চাহিৱালৰ পৰা প্ৰায় ২৪ কি:মি: (১৫ মাইল) পশ্চিমত অৱস্থিত। উত্তৰ দিশত প্ৰায় ৮ কি:মি: দূৰেৰে বৈ যোৱা ৰবি নদীৰ কাষৰীয়া আধুনিক যুগৰ গাঁও এখনৰ পৰা ক্ষেত্ৰখনৰ নামটো লোৱা হৈছে। বৰ্তমানৰ এই গাঁওখন ঐতিহাসিক হৰপ্পাৰ পৰা ১ কি:মি: দূৰত্বত অৱস্থিত। আধুনিক কালৰ হৰপ্পা প্ৰায় ১৫,০০০ মানুহৰ বসতিৰে এখন সৰু চহৰ আৰু ইয়াত ইংৰাজৰ দিনৰে এটা ৰেলৱে ষ্টেচন আছে।
হৰপ্পাৰ শস্যৰ গুদাম আৰু সভাঘৰৰ দৃশ্য | |
অৱস্থিতি | চাহিৱাল জিলা, পঞ্জাব, পাকিস্তান |
---|---|
প্ৰকাৰ | আবাসিক এলেকা |
অংশ | সিন্ধু সভ্যতা |
বিস্তৃতি | ১৫০ হেক্টৰ |
ইতিহাস | |
সভ্যতা | সিন্ধু সভ্যতা |
অতিৰিক্ত তথ্য | |
বৰ্তমানৰ অৱস্থা | ধ্বংসপ্ৰাপ্ত |
দেশ | পাকিস্তান |
সৰ্বসাধাৰণৰ প্ৰৱেশাধিকাৰ | উপলব্ধ |
ৱেবছাইট | www |
এই ঠাইখণ্ডত ব্ৰঞ্জ যুগতেই সিন্ধ আৰু পঞ্জাবক কেন্দ্ৰ কৰি গঢ় লৈ উঠা সিন্ধু সভ্যতাৰ দুৰ্গৰে পৰিৱেষ্টিত নগৰ এখনৰ ধ্বংসাৱশেষ পোৱা যায়।[1] আনুমানিক হিচাপ অনুসৰি পূৰ্ণাংগ কালছোৱাত (খ্ৰীষ্টপূৰ্ব ২৬০০-১৯০০) নগৰখনৰ মুঠ আবাসীৰ সংখ্যা আছিল প্ৰায় ২৩,৫০০ গৰাকী আৰু সেই সময়ৰ হিচাপত ইয়াক বৃহৎ বুলি ক'ব পাৰি। তেওঁলোকে প্ৰায় ১৫০ হেক্টৰ অঞ্চলজুৰি মাটিৰে নিৰ্মিত ইটাৰে সজা ঘৰত বাস কৰিছিল।[2][3] পুৰাতাত্বিক নীতি অনুসৰি পূৰ্বতে জ্ঞাত নোহোৱা কোনো সভ্যতাৰ নামকৰণ ইয়াৰ প্ৰথমটো খননক্ষেত্ৰৰ নামেৰে ৰখাৰ বাবে সিন্ধু সভ্যতাক হৰপ্পাৰ সভ্যতা বুলিও জনা যায়।
ভগ্নাৱশেষৰ ইটাসমূহ লাহোৰ-মূলটান ৰেলপথৰ চিৰি সাজিবলৈ ব্যৱহাৰ কৰাৰ বাবে ইংৰাজ শাসনকালত ঐতিহাসিক হৰপ্পাৰ বিস্তৰ ক্ষতিসাধন হয়। ২০০৫ চনত উক্ত ঠাইৰপৰা এক বিতৰ্কিত প্ৰমোদ-উদ্যানৰ নিৰ্মাণকৰোঁতাই নিৰ্মাণকাৰ্যৰ আৰম্ভণিতে বহুকেইটা পুৰাতাত্বিক অৱশেষ উঠাই পেলায়।[4] পিছলৈ এই নিৰ্মাণকাৰ্য স্থগিত কৰা হয়।