ৰাধাষ্টমী
দেৱী ৰাধাৰ জন্ম জয়ন্তী উপলক্ষে পালন কৰা হিন্দু উৎসৱ / From Wikipedia, the free encyclopedia
ৰাধাষ্টমী (ইংৰাজী: Radhashtami) কৃষ্ণ দেৱতাৰ প্ৰধান সংগী ৰাধা দেৱীৰ জন্ম জয়ন্তী উপলক্ষে হিন্দু ধৰ্মীয় দিৱস।[4][5] ভাদ মাহৰ (আগষ্ট - ছেপ্টেম্বৰ) শুক্লপক্ষৰ অষ্টম দিনত (অষ্টমী তিথিত) তেওঁৰ জন্মস্থান বৰসনা আৰু সমগ্ৰ ব্ৰজ অঞ্চলত পালন কৰা হয়।[4][6][7] কৃষ্ণ জন্মাষ্টমীৰ পোন্ধৰ দিনৰ পিছত ৰাধাষ্টমী পৰে।[5]
ক্ষিপ্ৰ তথ্য ৰাধা-অষ্টমী, অন্য নাম ...
ৰাধা-অষ্টমী | |
---|---|
বৃন্দাবনৰ ইস্কন মন্দিৰত ৰাধা-অষ্টমী পালন | |
অন্য নাম | ৰাধাষ্টমী, ৰাধা জয়ন্তী |
পালন কৰে | হিন্দু |
প্ৰকাৰ | ধৰ্মীয়, সাংস্কৃতিক |
২০২৩ৰ তাৰিখ | ২৩ ছেপ্তেম্বৰ (শনিবাৰ)[1] |
২০২৪ৰ তাৰিখ | ১১ ছেপ্তেম্বৰ (বুধবাৰ)[2] |
উদযাপন | দুপৰীয়া মন্দিৰত শৃংগাৰ কৰা, আৰতি দিয়া, মণিমহেশ যাত্ৰা কৰা হয়[3] |
অৱধি | ১ দিন |
সংঘটন | বছৰেকীয়া |
বন্ধ কৰক
বৈষ্ণৱ ধৰ্মত ৰাধাক কৃষ্ণৰ চিৰন্তন সংগী হিচাপে শ্ৰদ্ধা কৰা হয় আৰু তেওঁৰ প্ৰতি থকা নিশ্চৰ্ত প্ৰেম আৰু অটল ভক্তিৰ বাবে পূজা কৰা হয়।[8][9] ৰাধা অষ্টমী উৎসৱ উদযাপনৰ পৰা অনুমান কৰিব পাৰি যে, দেৱী ৰাধা মানুহৰ সামাজিক জীৱনত পৰিচালিত হোৱা সাংস্কৃতিক-ধৰ্মীয় বিশ্বাস ব্যৱস্থাৰ এক উল্লেখযোগ্য দিশ৷[10]