ৰাষ্ট্ৰসংঘ
আন্তঃৰাষ্ট্ৰীয় সংগঠন / From Wikipedia, the free encyclopedia
ৰাষ্ট্ৰসংঘ (ইংৰাজী: United Nations) এক আন্তঃৰাষ্ট্ৰীয় সংগঠন আৰু ইয়াৰ মূল লক্ষ্যসমূহ হ'ল আন্তঃৰাষ্ট্ৰীয় আইন, সুৰক্ষা, অৰ্থনৈতিক উন্নয়ন, সামাজিক অগ্ৰগতি, মানৱ অধিকাৰ আৰু বিশ্বশান্তিৰ বাবে কাম কৰা। দ্বিতীয় বিশ্বযুদ্ধৰ পাচতে ১৯৪৫ চনত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰা হয়। ই ইয়াৰ পুৰ্বসুৰী জাতিসংঘ (League of Nations)-ৰ স্থান দখল কৰে। ৰাষ্ট্ৰসংঘৰ আঁচনিসমূহ কাৰ্যকৰী কৰিবলৈ ইয়াৰ অধীনত কেইবাটাও সংগঠন আছে।
ৰাষ্ট্ৰসংঘ |
||||||
---|---|---|---|---|---|---|
ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহক মানচিত্ৰ খনত সেউজীয়া ৰঙেৰে দেখুওৱা হৈছে[1]
|
||||||
মুখ্য কাৰ্যালয় | নিউয়ৰ্ক মহানগৰ (আন্তঃৰাষ্ট্ৰীয় অঞ্চল) | |||||
আধিকাৰীক ভাষা | ||||||
ধৰণ | আন্তঃচৰকাৰী সংস্থা | |||||
সদস্যপদ | ১৯৩খন সদস্য ৰাষ্ট্ৰ ২খন পৰ্যবেক্ষক ৰাষ্ট্ৰ |
|||||
ৰাষ্ট্ৰনেতা (বৃন্দ) | ||||||
- | সচিবপ্ৰধান | এণ্টনিও গুটেৰেছ | ||||
- | উপ-সচিবপ্ৰধান | আমীনা মহম্মদ | ||||
- | সাধাৰণ সভাৰ সভাপতি | মাৰিয়া ফাৰ্ণাণ্ডা এচপিন'চা | ||||
- | অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সভাপতি | মাৰিয়া চাটৰড'ভা | ||||
- | সুৰক্ষা পৰিষদৰ সভাপতি | কাকৌ হৌৱাডজা লেঅন এডম | ||||
প্ৰতিষ্ঠাকাল | ||||||
- | ৰাষ্ট্ৰসংঘৰ চুক্তিপত্ৰ স্বাক্ষৰ হয় | ২৬ জুন ১৯৪৫ (৭৮ বছৰ আগত) (1945-06-26) | ||||
- | চুক্তিপত্ৰ কাৰ্যকৰী হয় | ২৪ অক্টোবৰ ১৯৪৫ (৭৮ বছৰ আগত) (1945-10-24) | ||||
ৱেবচাইট www www |
ৰাষ্ট্ৰসংঘৰ মুঠ সদস্য ৰাষ্ট্ৰ ১৯৩ খন। ইয়াৰ প্ৰধান ৬টা অংগ হৈছে সাধাৰণ পৰিষদ, নিৰাপত্তা পৰিষদ, অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, সচিবালয়, আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় আৰু ন্যাসৰক্ষী পৰিষদ (বৰ্তমান নিষ্ক্ৰিয়)। ইয়াৰ বাদেও বিশ্ব স্বাস্থ্য সংস্থা (WHO), বিশ্ব খাদ্য কাৰ্যসূচী (WFP), ইউনিচেফ আদিৰ নাম উল্লেখযোগ্য। ৰাষ্ট্ৰসংঘৰ আটাইতকৈ দায়িত্বশীল পদবী হ'ল সচিবপ্ৰধান। পৰ্তুগালৰ এণ্টনিও গুটেৰছ এই পদত ২০১৭ৰ পৰা আছে।
ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্ক মহানগৰত আছে। ইয়াৰ বাদেও জেনেভা, নাইৰোবি আৰু ভিয়েনাত ৰাষ্ট্ৰসংঘৰ কাৰ্যালয় আছে। ৰাষ্ট্ৰসংঘই ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ পৰা অৰ্থসাহায্য লাভ কৰে। ৬টা ভাষাত ইয়াৰ কাম কাজ সমূহ কৰা হয়– আৰবী, চীনা, ইংৰাজী, ফৰাচী, ৰুছ আৰু স্পেনিছ।[3]