মনো ৰোগ বিজ্ঞান
From Wikipedia, the free encyclopedia
মনোৰোগ বিজ্ঞান বা মানসিক ৰোগ বিজ্ঞান (ইংৰাজী: Psychiatry) হৈছে মানসিক ৰোগৰ চিকিৎসা বিষয়ক অধ্যয়ন। এই অধ্যয়নত মানসিক ৰোগৰ ব্যপ্তি, কাৰণ, নিদান, প্ৰতিকাৰ আৰু প্ৰতিৰোধৰ ওপৰত গুৰুত্ব দিয়া হয়। আনহাতে মনোবিজ্ঞান বা মনস্তত্ত্ব (Psychology) বিষয়ত সাধাৰণ মনৰ (ৰোগ বিহীন) বিষয়ে অধ্যয়ন কৰা হয়। মনোৰোগ বিজ্ঞানৰ অধ্যয়ন কৰি এই বিভাগৰ চিকিৎসা প্ৰদান কৰোঁতাসকলক 'মানসিক ৰোগ বিশেষজ্ঞ' (Psychiatrist) বোলা হয়।
এই প্ৰবন্ধ অথবা অনুচ্ছেদৰ ব্যাকৰণ, লিখনশৈলী, ধাৰাবাহিকতা, সামঞ্জস্য অথবা বানানৰ শুদ্ধিৰ বাবে অনুলিপি সম্পাদনাৰ প্ৰয়োজন। আপুনি এইখন সম্পাদনা কৰি প্ৰবন্ধটো নিখুত হোৱাত সহায় আগবঢ়াব পাৰে। আপুনি কিদৰে সহায় কৰিব তাৰে দিকনিৰ্দেশনা ইয়াত দিয়া আছে। |
মানসিক ৰোগ বিজ্ঞানৰ প্ৰতীক | |
Synonym | মনোৰোগ বিজ্ঞান |
---|---|
প্ৰণালী | চিকিৎসা বিজ্ঞান |
উদ্দেশ্য | মানসিক স্বাস্থ্য |
গুৰুত্বপূৰ্ণ ৰোগ | মানসিক ৰোগ |
গুৰুত্বপূৰ্ণ পৰীক্ষা | প্ৰশ্ন ক্ৰমনিকা |
বিশেষজ্ঞ | মানসিকৰোগ চিকিৎসক |
Psychiatry শব্দটো প্ৰথমে ব্যৱহাৰ কৰিছিল ১৮০৮ চনত জাৰ্মান চিকিৎসক জোহান ক্ৰিষ্টিয়ান ৰেইলে (Johann Christian Reil)। Psychiatry শব্দটোৰ আক্ষৰিক অৰ্থ হৈছে 'মানসিক ৰোগৰ ভেষজ চিকিৎসা'।
সাধাৰণতে মানসিক ৰোগ নিৰ্ণয়ৰ বাবে ৰোগীৰ লক্ষণসমূহৰ বিষয়ে আৰু অন্যান্য প্ৰাসংগিক তথ্য আহৰণ কৰা হয় আৰু 'মানসিক স্থিতিৰ পৰীক্ষণ' (Mental Status Examination) কৰা হয়। কেতিয়াবা মনোবৈজ্ঞানিক পৰীক্ষাৰ (Psychoogical test) সহায় লোৱা হয়। এইদৰে ৰোগ চিনাক্ত কৰাৰ পাছত তাৰ চিকিৎসাৰ বাবে বিভিন্ন পদ্ধতি যেনে ঔষধ, ব্যৱহাৰিক চিকিৎসা, মনোবৈজ্ঞানিক চিকিৎসা, বৈদ্যুতিক মৃগী সৃষ্টি (Electro Convulsive Therapy, চমুকৈ ECT) ইত্যাদি বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰা হয়।
সম্প্ৰতি সমগ্ৰ বিশ্বতে মানসিক ৰোগৰ প্ৰাদুৰ্ভাৱ বাঢ়ি অহা বুলি বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে।