তাপগতি বিজ্ঞান
From Wikipedia, the free encyclopedia
তাপ আৰু ইয়াৰ সৈতে অন্য প্ৰকাৰৰ শক্তি আৰু কাৰ্যৰ সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰা পদাৰ্থ বিজ্ঞানৰ বিভাগটোকে তাপগতি বিজ্ঞান বোলা হয়। ই কোনো প্ৰণালীৰ স্থূল অৱস্থাৰ ধৰ্মসমূহ যেনে উষ্ণতা, এনট্ৰপি আৰু চাপ ইত্যাদি ব্যাখ্যা কৰে। তাপগতি বিজ্ঞানে পদাৰ্থ তন্ত্ৰ এটাৰ লগত জড়িত আৰু বিকিৰণ সম্পৰ্কীয় গড় ধৰ্মবোৰ বৰ্ণনা কৰাৰ লগতে এইবোৰ কিধৰণে সময়ৰ সৈতে সলনি হয়, তাক ব্যাখ্যা কৰে। তাপগতি বিজ্ঞানে কোনো প্ৰণালীৰ অণুবীক্ষণিক ধৰ্মসমূহ বৰ্ণনা নকৰে। পৰিসাংখ্যিক বল বিজ্ঞানৰ পৰা তাপগতি বিজ্ঞানৰ সূত্ৰসমূহ নিৰ্ণয় কৰিব পাৰি।
বিজ্ঞান আৰু অভিযন্ত্ৰণৰ বহুতো বিষয়, যেনে ইঞ্জিন, অৱস্থাৰ পৰিৱৰ্তন, ৰাসায়নিক বিক্ৰিয়া, পৰিবহণ পৰিঘটনা আৰু আনকি কৃষ্ণবস্তু অদিৰ ক্ষেত্ৰত তাপগতি বিজ্ঞান প্ৰয়োগ কৰিব পাৰি। তাপগতি বিজ্ঞানৰ ফলাফলসমূহ পদাৰ্থ বিজ্ঞানৰ অন্যান্য ক্ষেত্ৰ আৰু ৰসায়ন বিজ্ঞান, ৰাসায়নিক অভিযন্ত্ৰণ, মহাকাশ অভিযন্ত্ৰণ, যান্ত্ৰিক অভিযন্ত্ৰণ, কোষ জীৱবিদ্যা, জৈৱচিকিৎসা অভিযন্ত্ৰণ, ভৌতিক বিজ্ঞান আদি বিজ্ঞানৰ অন্যান্য বিভাগৰ কাৰণেও প্ৰয়োজনীয়। তদুপৰি অৰ্থনীতিৰ দৰে ক্ষেত্ৰতো এই ফলাফলসমূহ দৰকাৰী।[1][2]
তাপগতি বিজ্ঞানৰ বিষয়বস্তুসমূহ চাৰিটা সূত্ৰৰ দ্বাৰা আৱদ্ধ হৈ আছে। প্ৰথম সূত্ৰমতে কোনো প্ৰণালীৰ মাজত শক্তি, তাপ বা তাপগতীয় কাৰ্য হিচাপে আদান প্ৰদান হয়[3]। দ্বিতীয় সূত্ৰই এনট্ৰপি নামৰ এটা ৰাশিৰ বিষয়ে উল্লেখ কৰিছে, যি তাপগতীয় প্ৰক্ৰিয়া এটাৰ অপৰিবৰ্তনীয়তাৰ পৰা উদ্ভৱ হোৱা, তাপগতীয় কাৰ্য বাহ্যিক প্ৰাণালী এটাক প্ৰদান কৰাৰ সীমাবদ্ধতাৰ কথা প্ৰকাশ কৰে[4]।
পুৰণি ভাপ ইঞ্জিনৰ ক্ষমতা বৃদ্ধিৰ প্ৰচেষ্টাৰ ফলস্বৰূপে তাপগতি বিজ্ঞানৰ বহু অগ্ৰগতি হয়। ফৰাচী পদাৰ্থবিদ ‘নিক’লাচ লিঅ’নাৰ্ড চদি কাৰ্ণ’ট’ৰ নাম এই ক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য। তেওঁ বিশ্বাস কৰিছিল যে তাপ ইঞ্জিনৰ ক্ষমতাই হ’ব, ফ্ৰান্সক নেপ’লিয়নৰ যুদ্ধ জয়ত সহায় কৰিব পৰা প্ৰধান আহিলা।[5]
স্কট পদাৰ্থবিদ লৰ্ড কেলভিনে প্ৰথমে ১৮৫৪ চনত তাপগতি বিজ্ঞানৰ এক সংক্ষিপ্ত ধাৰণা দি ব্যাখ্যা আগ বঢ়াইছিল যে:[6]
তাপগতি বিজ্ঞান হৈছে তাপৰ সৈতে কোনো বস্তুৰ সম্ভাৱনীয় পথৰ ওপৰত ক্ৰিয়াশীল বলৰ সম্পৰ্ক আৰু তাপৰ সৈতে বৈদ্যুতিক নিকায়ৰ সম্পৰ্কৰ ওপৰত অধ্যয়ন কৰা এটা বিষয়।