ৱিকিমিডিয়া ফাউণ্ডেশ্যন
From Wikipedia, the free encyclopedia
ৱিকিমিডিয়া ফাউণ্ডেশ্যন, ইন্ক'ৰ্প'ৰেছন হৈছে এটা আমেৰিকান অব্যৱসায়িক দাতব্য সংস্থা। ফ্ল'ৰিডাৰ আইনৰ অধীনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় চান ফ্ৰান্সিচ্ক', কেলিফ'ৰ্নিয়াত অৱস্থিত। ই কেইবাটাও অনলাইন সহযোগিতামূলক ৱিকি প্ৰকল্প পৰিচালনা কৰে, যেনে-ৱিকিপিডিয়া, ৱিক্সনেৰী, ৱিকিক্কোৱ'ট, ৱিকিবুক্ছ, ৱিকিচ'ৰ্ছ, ৱিকিমিডিয়া কমন্ছ, ৱিকিস্পিচিজ, ৱিকিনিউজ, ৱিকিভাৰ্চিটী, ৱিকিমিডিয়া ইনকিউবেটৰ, মেটাৱিকি আৰু বৰ্তমান নিষ্ক্ৰিয় নুপিডিয়াৰ মালিকীস্বত্ব আছে। ইয়াৰ মুখ্য প্ৰকল্প ৱিকিপিডিয়া বিশ্বজুৰি সৰ্বোচ্চ দৰ্শিত দহটা ৱেবচাইটৰ এটা।[5] ২০০৩ চনৰ ২০ জুনত ৱিকিপিডিয়াৰ সহ-প্ৰতিষ্ঠাপক জিম্মী ৱেল্ছএ ৱিকিমিডিয়া ফাউণ্ডেশ্যন আনুষ্ঠানিকভাৱে মুকলি ঘোষণা কৰে।[6] তাৰ আগতে তেওঁ "ব'মিছ" নামৰ নিজৰ প্ৰতিষ্ঠানটোৰ নামত ৱিকিপিডিয়া পৰিচালনা কৰি আছিল।[7]
ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ ল'গ' | |
প্ৰকাৰ | 501(c)#501(c)(3) |
---|---|
প্ৰতিষ্ঠা | ছেইণ্ট পিটাৰ্ছবাৰ্গ, ফ্ল'ৰিডা, আমেৰিকা যুক্তৰাষ্ট্ৰ জুন ২০, ২০০৩ (2003-06-20) |
স্থান | চান ফ্ৰান্সিচ্ক', কেলিফ'ৰ্নিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ / লছ এঞ্জেলছ্, কেলিফ'ৰ্নিয়া (পঞ্জীভূত এজেণ্ট) |
মুখ্য ব্যক্তি | টিং ছেন, Chair of the Board জিম্মী ৱেলছ, Chairman Emeritus[1] চ্যু গাৰ্ডনাৰ, কাৰ্যবাহী পৰিচালক |
পৰিবেশনৰ ঠাই | বিশ্বজুৰি |
লক্ষ্য | বিনামূলীয়া, মুক্ত বিষয়বস্তু, ৱিকি-নিৰ্ভৰ ইণ্টাৰনেট প্ৰকল্প |
পদ্ধতি | ৱিকিপিডিয়া, ৱিক্সনেৰী, ৱিকিক্কোৱ'ট, ৱিকিবুক্ছ, ৱিকিচ'ৰ্ছ, ৱিকিমিডিয়া কমন্ছ, ৱিকিস্পিচিজ, ৱিকিনিউজ, ৱিকিভাৰ্চিটী, ৱিকিমিডিয়া ইনকিউবেটৰ আৰু মেটাৱিকি |
ৰাজহ | ১০,৬৩২,২৫৪ আমেৰিকান ডলাৰ(জুলাই-ডিচেম্বৰ ২০০৯)[2] |
স্বেচ্ছাসেৱক | ৩৫০,০০০ (২০০৫)[3] |
কৰ্মচাৰী | ৭৫ (জুলাই ২০১১)[4] |
ৱেবচাইট | wikimediafoundation.org |
২০১৫ চনৰ তথ্য অনুসৰি এই ফাউণ্ডেশ্যনত প্ৰায় ২৫০জন লোকে কাম কৰে আৰু ইয়াৰ বাৰ্ষিক ৰাজহ ৫ কোটি আমেৰিকান ডলাৰতকৈও অধিক।[8] বৰ্তমান লাইলা ট্ৰেটিক'ভ এই ফাউণ্ডেশ্যনৰ কাৰ্যবাহী সঞ্চালক আৰু পেট্ৰিচিঅ' লৰেণ্টে ব'ৰ্ডৰ অধ্যক্ষ।