অস্কাৰ বঁটা
চলচ্চিত্ৰজগতৰ বিভিন্ন ক্ষেত্ৰৰ পাৰদৰ্শিতাক সন্মান জনাই প্ৰদান কৰা আমেৰিকাৰ এক বাৰ্ষিক বঁটা / From Wikipedia, the free encyclopedia
অস্কাৰ বঁটা বা একাডেমি বঁটা (ইংৰাজী: Academy Awards বা The Oscars)[1] হৈছে চলচ্চিত্ৰজগতৰ বিভিন্ন ক্ষেত্ৰৰ পাৰদৰ্শিতাক সন্মান জনাই প্ৰদান কৰা আমেৰিকাৰ এক বাৰ্ষিক বঁটা। এই বঁটাপ্ৰাপকে চৰকাৰীভাৱে Academy Award of Merit হিচাপে গণ্য কৰা এটা প্ৰতিমূৰ্ত্তি লাভ কৰে। এই বঁটাপ্ৰদান অনুষ্ঠান পোনপ্ৰথমে ১৯২৯ চনত 'হলিউড ৰ'জভেল্ট হোটেল'ত অনুষ্ঠিত হৈছিল। অস্কাৰ বঁটা প্ৰতিবছৰে Academy of Motion Picture Arts and Sciences (AMPAS)-ৰ উদ্যোগত প্ৰদান কৰা হয়।[2][3]
ক্ষিপ্ৰ তথ্য অস্কাৰ বঁটা, প্ৰদান কৰা হয় ...
অস্কাৰ বঁটা | |
---|---|
প্ৰদান কৰা হয় | Excellence in the American film industry |
দেশ | আমেৰিকা যুক্তৰাষ্ট্ৰ |
প্ৰদান কৰোঁতা | Academy of Motion Picture Arts and Sciences |
প্ৰথমবাৰলৈ প্ৰদান কৰা হৈছিল | ১৬ মে' ১৯২৯ |
ৱেবচাইট | oscar |
বন্ধ কৰক
পোনপ্ৰথমে ১৯৫৩ দুৰদুৰ্শনযোগে প্ৰচাৰিত এই বঁটা প্ৰদান অনুষ্ঠান বৰ্তমান প্ৰায় ২০০ৰো অধিক দেশত প্ৰচাৰিত হয়।[4] শেহতীয়াকৈ ৮৬ তম অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান ২০১৪ চনৰ ২ মাৰ্চ তাৰিখে লছ এঞ্জেলেছৰ ড'লবি থিয়েটাৰত অনুষ্ঠিত হৈ যায়।[5]