কাৰ্বি আংলং জিলা
ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা / From Wikipedia, the free encyclopedia
কাৰ্বি আংলং জিলা অসমৰ মধ্য অঞ্চলত অৱস্থিত এক প্ৰশাসনিক জিলা। অসমৰ জিলা সমূহৰ ভিতৰত মাটিকালিৰে ই সৰ্ববৃহৎ। জিলাখনৰ পূবে গোলাঘাট জিলা, পশ্চিমে নগাঁও জিলা, পশ্চিম কাৰ্বি আংলং জিলা আৰু হোজাই জিলা, উত্তৰে নগাঁও আৰু গোলাঘাট জিলাৰ অংশ আৰু দক্ষিণে ডিমা হাছাও জিলা আৰু নাগালেণ্ড ৰাজ্য। ডিফু এই জিলাৰ সদৰ চহৰ। কাৰ্বি আংলং জিলাৰ মাটিকালি ৭,৩৯৯ বৰ্গ কিলোমিটাৰ।[1]
ক্ষিপ্ৰ তথ্য কাৰ্বি আংলং জিলা, দেশ ...
কাৰ্বি আংলং জিলা | |
---|---|
— অসমৰ জিলা — | |
অসমত কাৰ্বি আংলংৰ অৱস্থান | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
প্ৰশাসনিক বিভাগ | মধ্য অসম |
সদৰ | ডিফু |
মহকুমা | ডিফু, বোকাজান |
চৰকাৰ | |
- লোকসভা সমষ্টি | স্বায়ত্ত্ব শাসিত জিলা |
- বিধানসভা সমষ্টি | বোকাজান (১৭), হাওৰাঘাট (১৮), ডিফু (১৯) |
মাটিকালি | |
- মুঠ | ৭,৩৯৯ কি.মি.২ (২,৮৫৬.৮ বৰ্গ মাইল) |
জনসংখ্যা (২০১১)[1] | |
- মুঠ | ৬,৬০,৯৫৫ জন |
- জনঘনত্ব | ৮৯.৩ প্ৰতি বৰ্গ কি.মি. (২৩১.৪ প্ৰতি বৰ্গ মাইল) |
জনসংখ্যাৰ তথ্য | |
- সাক্ষৰতা হাৰ | ৫৮.২৭% (অবিভক্ত) |
- লিংগ অনুপাত | ৯৫৬ (অবিভক্ত) |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
যানবাহনৰ নম্বৰ | AS-09-X-XXXX |
স্থানাঙ্ক | 26°11′N 93°34′E |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
বন্ধ কৰক