ৱিকিপিডিয়া সম্প্ৰদায়ে ভাল অভ্যাসৰ বৰ্ণনা কৰিবলৈ, নীতিসমূহ খোলোচা কৰিবলৈ, বিবাদ সমাধান আৰু মুক্ত তথা বিশ্বাসযোগ্য বিশ্বকোষ গঢ়ি তুলিবলৈ ৱিকিপিডিয়া নীতি আৰু পথনিৰ্দেশিকাসমূহ দাঙি ধৰিছে । সম্পাদনা আৰম্ভ কৰাৰ আগেয়ে কোনো নীতি বা নিৰ্দেশ পঢ়াৰ প্ৰয়োজন নাই । কিন্তু মূল নীতিসমূহৰ উল্লেখ থকা পাঁচটা স্তম্ভ পৃষ্ঠাখন পঢ়াটো আৱশ্যক ।
|
This page documents a procedural policy of Wikipedia. |
|
|
সংক্ষেপে এই পৃষ্ঠাখন: ৱিকিপিডিয়াৰ নীতি আৰু পথনিৰ্দেশিকা পৃষ্ঠাত ৱিকিপিডিয়া সম্প্ৰদায়ৰ গ্ৰহণযোগ্য অভ্যাসসমূহ উল্লেখ কৰা হৈছে । সাধাৰণতে ৱিকিপিডিয়া নীতি আৰু নিৰ্দেশাৱলী কিদৰে বিকাশ আৰু পালন কৰিব পাৰি তাক এই নীতিয়ে বৰ্ণনা কৰিছে । |
যদিও ৱিকিপিডিয়াত ধৰা-বন্ধা নিয়ম নাই, ৱিকিপিডিয়া নীতি আৰু নিৰ্দেশাৱলী পৃষ্ঠাই ইয়াৰ ৰীতি আৰু সাধাৰণ অভ্যাসসমূহৰ বিৱৰণ দিছে । নীতিয়ে সকলো সদস্যই পালন কৰিবলগীয়া মানসমূহ বুজাইছে, আনহাতে নিৰ্দেশাৱলীয়ে নিৰ্দিষ্ট প্ৰসংগত অনুসৰণ কৰিবলগীয়া শ্ৰেষ্ঠ অভ্যাসবোৰৰ আভাস দিছে । সদায় যুক্তি আৰু সাধাৰণ জ্ঞান ব্যৱহাৰ কৰিহে এই নীতি আৰু নিৰ্দেশাৱলী প্ৰয়োগ কৰিব লাগে ।
ক