ৱিকিপিডিয়া:ধ্বংসপ্ৰৱণতা
From Wikipedia, the free encyclopedia
ধ্বংসপ্ৰৱণতা মানে হ'ল ৱিকিপিডিয়াৰ অখণ্ডতাৰ সৈতে আপোচ কৰাৰ ইচ্ছাকৃত প্ৰচেষ্টাৰে যিকোনো কথা সংযোজন কৰা, মচি দিয়া, বা সমলৰ পৰিৱৰ্তন কৰা। অবৈধভাবে পৃষ্ঠা এটা মচি দিয়া, কোনো পৃষ্ঠাত অশালীন কথা, স্থূল ৰসিকতা, স্পষ্ট অসংলগ্ন কথাৰ সংযোগ কৰা আদি ধ্বংসপ্ৰৱণতাৰ সাধাৰণ উদাহৰণ।
- This is not a noticeboard for vandalism. Report vandalism at Wikipedia:Administrator intervention against vandalism.
এই পৃষ্ঠাত অসমীয়া ৱিকিপিডিয়াৰ কেতবোৰ নীতি সন্নিৱিষ্ট কৰা হৈছে। সকলো সম্পাদকে এইবোৰ সাধাৰণতে মানি চলা উচিত। ইয়াত কৰা সালসলনিত ঐকমত্য প্ৰতিফলন হোৱা উচিত। |
|
সংক্ষেপে এই পৃষ্ঠাখন: ইচ্ছাকৃতভাবে ৱিকিপিডিয়াত কৰা আপত্তিজনক সম্পাদনাৰ বাবে কোনো ব্যৱহাৰকাৰীক নিষিদ্ধ কৰা হ’ব পাৰে। |
ৱিকিপিডিয়াৰ উন্নতিৰ বাবে ভালভাৱত কৰা যিকোনো প্ৰচেষ্টা ধ্বংসপ্ৰৱণতা নহয়, যদিও এই প্ৰচেষ্টাৰ ধৰণ ভুলো হয়। সম্পাদনা দ্বন্দ্বক ধ্বংসপ্ৰৱণতা বুলি কব নোৱাৰি। আনকি কোনো অসৎ উদ্দেশ্য নথকাকৈ কৰা ক্ষতিকৰ সম্পাদনাও ধ্বংসপ্ৰৱণতা বুলি গণ্য কৰা নহয়। যেনে ব্যক্তিগত মতামত সংযোগ কৰাটো ধ্বংসপ্ৰৱণতা নহয়। কিন্তু বাৰেবাৰে সতৰ্ক কৰি থকাৰ পিছতো যদি তেনে কাৰ্য কৰি থাকে, তেতিয়া তাক বেয়া দৃষ্টিৰে চোৱা হয়। কোনোটো ধ্বংসপ্ৰৱণতা আৰু কোনটো নহয়, তাক নিৰ্ণয় কৰিবলৈ অতি সতৰ্কভাবে চিন্তা কৰা প্ৰয়োজন।
কোনো ব্যৱহাৰকাৰী বা সম্পাদকে ধ্বংসপ্ৰৱণতাৰে কৰা সম্পাদনা আপোনাৰ চকুত পৰাৰ লগেলগে তাক আঁতৰাই দিব আৰু তাৰপিছত তেওঁক সতৰ্ক কৰিব। কোনো ব্যৱহাৰকাৰীয়ে সতৰ্ক কৰাৰ পিছতো এনে কাৰ্য-কলাপ চলাই গ’লে প্ৰশাসকসকল অভিযোগ কৰক। প্ৰশাসকসকলে সমল সুৰক্ষিত কৰিবলৈ হস্তক্ষেপ কৰা উচিত। আৰু যাতে অধিক ক্ষতি কৰিব নোৱাৰে, তাৰবাবে এনে ব্যৱহাৰকাৰীসকলক নিষিদ্ধ কৰাৰ ব্যৱস্থা আছে। গুৰুত্বপূৰ্ণ ধ্বংসপ্ৰৱণতাৰ ক্ষেত্ৰত কোনো আগতীয়া সতৰ্কবাণী অবিহনেই নিষিদ্ধ কৰিব পাৰে।