অসমৰ জাতীয় গীত
অসমৰ জাতীয় সংগীত / From Wikipedia, the free encyclopedia
অ’ মোৰ আপোনাৰ দেশ অসমৰ জাতীয় সংগীত। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতাসমূহৰ ভিতৰত ই এক অন্যতম কবিতা। অসমৰ জাতীয় সংগীতটোৰ মূল কথাখিনি "মোৰ দেশ" নামেৰে ১৯১০ চনৰ মে' মাহৰ বাঁহীত (শ্ৰী কৃপাবৰ বৰুৱা ছদ্মনামত) আৰু ১৯১৩ চনত 'কদমকলি' পুথিত লক্ষ্মীনাথ বেজবৰুৱাই প্ৰকাশ কৰিছিল।[1] গীতটোৰ সুৰাৰোপ কমলা প্ৰসাদ আগৰৱালাই কৰিছিল। গীতটোৰ সুৰ আৰু পংক্তি সম্পৰ্কে বিভিন্ন মত পোৱা যায়। এই গীতটো আনুষ্ঠানিকভাৱে অসমৰ জাতীয় সংগীতৰূপে ১৯২৭ চনত তেজপুৰত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনত গৃহীত হয়। এই গীতটো বেজবৰুৱাৰ কদমকলি গ্ৰন্থত সন্নিবিষ্ট আছিল[2]।
ক্ষিপ্ৰ তথ্য ইংৰাজী শীৰ্ষক: O Mur Apunar Dex (O my dearest country), গীতিকাৰ ...
ইংৰাজী শীৰ্ষক: O Mur Apunar Dex (O my dearest country) | |
---|---|
O mur apunar dex | |
অসম ভাৰতৰ ৰাজ্য সংগীত | |
গীতিকাৰ | লক্ষ্মীনাথ বেজবৰুৱা |
সুৰকাৰ | কমলা প্ৰসাদ আগৰৱালা |
গ্ৰহণৰ তাৰিখ | ১৯২৭ |
বন্ধ কৰক