আন্ লুইলিয়ে
ফৰাচী পদাৰ্থবিজ্ঞানী আৰু পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা বিজয়ী / From Wikipedia, the free encyclopedia
আন্ জেনেভিভ লুইলিয়ে ৱাহলষ্ট্ৰম (ইংৰাজী: Anne Genevieve L'Huillier Wahlström; জন্ম: ১৬ আগষ্ট ১৯৫৮) এগৰাকী ফৰাচী পদাৰ্থবিজ্ঞানী আৰু ছুইডেনৰ লুণ্ড বিশ্ববিদ্যালয়ৰ পাৰমাণৱিক পদাৰ্থ বিজ্ঞানৰ অধ্যাপিকা। বৰ্তমান তেওঁ বাস্তৱ সময়ত ইলেক্ট্ৰনৰ গতিবিধি অধ্যয়ন কৰা এট'ছেকেণ্ড পদাৰ্থ বিজ্ঞান গোটক নেতৃত্ব প্ৰদান কৰিছে। তেওঁলোকৰ অধ্যয়নে পাৰমাণৱিক স্তৰত ৰাসায়নিক বিক্ৰিয়া বুজিবলৈ ব্যৱহাৰ কৰা হয়।[1] ২০০৩ চনত তেওঁ আৰু তেওঁৰ গোটে ১৭০ এট'ছেকেণ্ডৰ আটাইতকৈ সৰু লেজাৰ স্পন্দনৰ বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়।[2] ২০২৩ চনত তেওঁ পিয়েৰ অগ'ষ্টিনি আৰু ফেৰেণ্টচ ক্ৰাউচৰ সৈতে যৌথভাৱে "পদাৰ্থত ইলেক্ট্ৰন গতিবিদ্যাৰ অধ্যয়নৰ বাবে পোহৰৰ এট'ছেকেণ্ড স্পন্দন উৎপন্ন কৰা পৰীক্ষামূলক পদ্ধতিৰ বাবে" পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।[3]
ক্ষিপ্ৰ তথ্য আন্ লুইলিয়ে, জন্ম ...
আন্ লুইলিয়ে | |
---|---|
জন্ম | ১৬ আগষ্ট, ১৯৫৮ (৬৫ বছৰ) পেৰিছ, ফ্ৰান্স |
জাতীয়তা | ফ্ৰেন্স ছুইডিছ |
ক্ষেত্ৰ | পাৰমাণৱিক পদাৰ্থ বিজ্ঞান, পৰীক্ষামূলক পদাৰ্থ বিজ্ঞান, এট'ছেকেণ্ড পদাৰ্থ বিজ্ঞান |
শিক্ষানুষ্ঠান | ইক'ল নৰ্মেল চুপিৰিয়েৰ, ফণ্টেন-অ'-ৰোজ (বি এ) পেৰিছ-চেক্লে বিশ্ববিদ্যালয় (এম এছ চি, পিএইচডি) |
ডক্তৰেল পৰামৰ্শদাতা | বাৰ্নাৰ্ড কেগনাক |
উল্লেখনীয় বঁটা |
|
বন্ধ কৰক