আব্দুলৰাজাক গুৰ্নাহ
ঔপন্যাসিক আৰু নোবেল বঁটা বিজয়ী (জন্ম ১৯৪৮) / From Wikipedia, the free encyclopedia
আব্দুলৰাজাক গুৰ্নাহ (ইংৰাজী: Abdulrazak Gurnah;জন্ম ২০ ডিচেম্বৰ ১৯৪৮) এজন তাঞ্জানিয়াৰ ঔপন্যাসিক। তেওঁৰ সাহিত্যৰাজিৰ লিখিত ভাষা ইংৰাজী। বৰ্তমান তেওঁ যুক্তৰাজ্যত বসবাস কৰে। তেওঁৰ বিখ্যাত উপন্যাস পেৰাডাইজ (১৯৯৪), বুকাৰ আৰু হুইটব্ৰেড পুৰস্কাৰৰ বাবে মনোনীত হৈছিল। ডেজাৰ্টিয়ান (২০০৫), আৰু বাই দ্য চি (২০০১) উপন্যাস দুখনো বুকাৰ পুৰস্কাৰৰ বাবে মনোনীত দীঘলীয়া তালিকাত আৰু লছ এঞ্জেলছ টাইমছ বুক এৱাৰ্ডৰ বাবে মনোনীত চুটি তালিকাত অন্তৰ্ভুক্ত হৈছিল।[2]
ক্ষিপ্ৰ তথ্য আব্দুলৰাজাক গুৰ্নাহ, জন্ম ...
আব্দুলৰাজাক গুৰ্নাহ | |
---|---|
২০০৯ চনত গুৰ্নাহ | |
জন্ম | ২০ ডিচেম্বৰ, ১৯৪৮ (৭৫ বছৰ) জাঞ্জিবাৰৰ চুলতানাত[1] |
ৰাষ্ট্ৰীয়তা | তাঞ্জানিয়ান |
ধৰণ | কল্পকাহিনী |
উল্লেখনীয় কৰ্মৰাজি | পেৰাডাইজ (১৯৯৪), বাই দ্য চি (২০০১), ডেজাৰ্টিয়ান (২০০৫) |
উল্লেখযোগ্য বঁটা | সাহিত্যৰ ন'বেল বঁটা (২০২১) |
বন্ধ কৰক
"ঔপনিৱেশিকতাৰ প্ৰভাৱ তথা সংস্কৃতি আৰু মহাদেশসমূহৰ মধ্যৱৰ্তী শৰণাৰ্থীৰ দশাৰ আপোচহীন আৰু সহানুভূতিশীল নিৱেশৰ বাবে" তেওঁক ২০২১ চনত সাহিত্যৰ নবেল বঁটা প্ৰদান কৰা হয়।[3][4][5]