আৰ্দেশিৰ তাৰাপৰে
পৰম বীৰ চক্ৰেৰে সন্মানিত ভাৰতীয় সৈনিক / From Wikipedia, the free encyclopedia
লেফটেনেণ্ট কৰ্ণেল আৰ্দেশিৰ বুৰ্জোৰজী তাৰাপৰে, (ইংৰাজী: Lieutenant Colonel Ardeshir Burzorji Tarapore)(১৮ আগষ্ট ১৯২৩ – ১৬ ছেপ্টেম্বৰ ১৯৬৫) ভাৰতীয় সেনাবাহিনীৰ এজন বিষয়া আৰু ভাৰতীয় বীৰত্বৰ সৰ্বোচ্চ বঁটা পৰম বীৰ চক্ৰৰে সন্মানীত। পুণেত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত তাৰাপৰেয়ে হায়দৰাবাদ সেনাবাহিনীত যোগদান কৰে আৰু ১৯৪২ চনৰ জানুৱাৰী মাহত কমিচন লাভ কৰে। প্ৰথম অৱস্থাত তেওঁ পদাতিক বাহিনীত যোগদান কৰে, কিন্তু পিছলৈ তেওঁক প্ৰথম হায়দৰাবাদ ইম্পেৰিয়েল চাৰ্ভিচ লেন্সাৰ নামৰ এটা সজ্জিত ৰেজিমেণ্টলৈ বদলি কৰা হয়।
লেফটেণেণ্ট কৰ্ণেল আৰ্দেশিৰ তাৰাপৰে Ardeshir Burzorji Tarapore পৰমবীৰ চক্ৰ | |
---|---|
জন্ম | ১৮ আগষ্ট, ১৯২৩ বোম্বাই, বোম্বাই প্ৰেছিডেন্সী, ব্ৰিটিছশাসিত ভাৰত, বৰ্তমানৰ মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত) |
মৃত্যু | ১৬ ছেপ্টেম্বৰ, ১৯৬৫ (৪২ বছৰ) চাৱিণ্ডা, পাকিস্তান |
আনুগত্য | হায়দৰাবাদ ভাৰত |
চাকৰি/শাখা | ইম্পিৰিয়েল ছাৰ্ভিছ ট্ৰুপছ, হায়দৰাবাদ স্থলসেনা ভাৰতীয় স্থলসেনা, ভাৰত |
চাকৰিৰ কাৰ্যকাল | ১৯৪০–১৯৫১ (ইম্পিৰিয়েল ছাৰ্ভিছ ট্ৰুপছ, হায়দৰাবাদ স্থলসেনা) ১৯৫১-১৯৬৫ (ভাৰতীয় স্থলসেনা) |
পদমৰ্যদা | লেফটেনেণ্ট কৰ্ণেল |
চাৰ্ভিছ নাম্বাৰ | IC-5565[1][2] |
ইউনিট | হায়দৰাবাদ লেন্সাৰছ্ পুণা হৰ্চ |
যুদ্ধ-বিগ্ৰহ |
|
পুৰস্কাৰ | পৰম বীৰ চক্ৰ |
১৯৪৮ চনত হায়দৰাবাদ ৰাজ্য ভাৰতে নিজৰ অধীনলৈ অনাৰ পিছত তাৰাপৰেক ভাৰতীয় সেনাবাহিনীত যোগদান কৰিবলৈ নিৰ্বাচিত কৰা হয়। ১৯৫১ চনৰ এপ্ৰিল মাহত তেওঁক পুনৰ কমিচন দিয়া হয় আৰু ১৭ নং বেটেলিয়নৰ পুনা হৰ্চ ৰেজিমেণ্টত নিযুক্তি দিয়া হয়। পিছলৈ তেওঁ যুক্তৰাজ্যত চেঞ্চুৰিয়ান টেংকৰ প্ৰশিক্ষণ পাঠ্যক্ৰমত অংশগ্ৰহণ কৰে। ১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত ১৭ হৰ্ছে শিয়ালকোট খণ্ডত আক্ৰমণ-প্ৰত্যাক্ৰমণ প্ৰত্যক্ষ কৰিছিল। ১১ৰ পৰা ১৬ ছেপ্টেম্বৰৰ ভিতৰত কেইবাখনো টেংক যুদ্ধত তাৰাপৰেয়ে ৰেজিমেণ্টৰ নেতৃত্ব দিছিল আৰু ১৬ ছেপ্টেম্বৰত বুটুৰ-ডোগ্ৰাণ্ডিত এনে এখন যুদ্ধত তেওঁ নিহত হৈছিল। তেওঁৰ নেতৃত্বত ৰেজিমেণ্টে ষাঠিখন পাকিস্তানী টেংক ধ্বংস কৰাৰ বিপৰীতে ভাৰতীয়সকলে ৯টা টেংক হেৰুৱাবলগীয়া হয়।