ইউবাণ্টু
ডেবিয়ান-ভিত্তিক লিনাক্স কাৰ্য্যকৰপ্ৰণালী / From Wikipedia, the free encyclopedia
ইউবাণ্টু (ইংৰাজী: Ubuntu; উচ্চাৰণ:/ʊˈbʊntuː/[6][7]) হৈছে ডেবিয়ান ডিষ্ট্ৰীবিউশ্যন বা সংকলনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা এক কম্পিউটাৰ অপাৰেটিং চিষ্টেম, যাক বিনামূলীয়া আৰু মুকলি উৎস চফ্টৱেৰ ৰূপে বিতৰণ কৰা হয়। এই অপাৰেটিং চিষ্টেমটোক দক্ষিণ আফ্ৰিকীয় এক প্ৰচলিত প্ৰবাদ ইউবাণ্টু-ৰ পৰা নামকৰণ কৰা হৈছে। এই শব্দৰ অৰ্থ হ’ল "অন্যজনৰ বাবে মানৱতা"৷[8] ইউবাণ্টুক মূলতঃ ব্যক্তিগত কম্পিউটাৰৰ উদেশ্যে নিৰ্মাণ কৰা হৈছে যদিও ইয়াৰ এক চাৰ্ভাৰ সংকলনো পোৱা যায়।
ক্ষিপ্ৰ তথ্য কোম্পানী / বিকাশক, OS পৰিয়াল ...
ইউবাণ্টু ১১.১০ (অনেৰিক অচেলট্) | |
কোম্পানী / বিকাশক | কেননিকেল লিমিটেড / ইউবাণ্টু ফাউণ্ডেচন |
---|---|
OS পৰিয়াল | ইউনিক্সৰ দৰে |
কাৰ্যৱস্থা | বৰ্তমান |
উৎস মডেল | বিনামূলীয়া আৰু মুকলি উৎস চফ্টৱেৰ (ব্যতিক্ৰমৰ সৈতে)[1][2] |
প্ৰাৰম্ভিক মুক্তি | অক্টোবৰ ২০, ২০০৪ |
অন্তিম স্থায়ী মুক্তি | ১১.১০ (অনেৰিক অচেলট্) / অক্টোবৰ ১৩, ২০১১[3] |
উপলভ্য প্ৰাকৃতিক ভাষা | বহুভাষী (৫৫টাতকৈ বেছি) |
আপডেট পদ্ধতি | ATP (ফ্ৰণ্ট-এণ্ড উপলভ্য) |
পেকেজ ব্যৱস্থাপক | dpkg (ফ্ৰণ্ট-এণ্ড উপলভ্য) |
সমৰ্থিত প্লেটফৰ্ম | i386, AMD64, ARM[4][5] |
কাৰ্ণেলৰ প্ৰকাৰ | লীনাক্স (মনোলিথিক) |
ইউজাৰলেণ্ড | GNU |
অবিকল্পিত ব্যৱহাৰকৰ্তাৰ ইণ্টাৰফেচ | ৪.১০ৰ পৰা ১০.১০লৈ: ন'ম ২.x ১১.০৪: ন'ম ২.xৰ ওপৰত ইউনিটি সেল ১১.১০: ন'ম ৩.xৰ ওপৰত ইউনিটি সেল |
অনুজ্ঞা-পত্ৰ | মূলতঃ GNU GPL আৰু অন্য বিনামূলীয়া চফ্টৱেৰ বিনামূলীয়া আৰু মুকলি উৎস চফ্টৱেৰ / আৰু গৰাকীগত বাইনেৰী ব্লববোৰ[1][2] |
আধিকাৰিক ৱেবছাইট | www.ubuntu.com |
বন্ধ কৰক