ইষ্ট বেংগল ফুটবল ক্লাব
From Wikipedia, the free encyclopedia
ইষ্ট বেংগল ফুটবল ক্লাব (ইংৰাজী: East Bengal Football Club) হৈছে ভাৰতৰ সৰ্বাধিক সফল ফুটবল ক্লাববোৰৰ অন্যতম। পশ্চিম বংগৰ কলিকতা চহৰত অৱস্থিত এই ফুটবল ক্লাবটোৱে এতিয়ালৈকে তিনিবাৰকৈ নেচনেল ফুটবল লীগ আৰু আই-লীগ আৰু সাতবাৰ ফেডাৰেচন কাপ জিকিছে। বৰ্তমান ইষ্ট বেংগল ফুটবল ক্লাব ভাৰতৰ সৰ্বোচ্চ ফুটবল লীগ, ইণ্ডিয়ান চুপাৰ লীগত খেলা ক্লাব সমূহৰ অন্যতম ক্লাব।
সম্পূৰ্ণ নাম | ইষ্ট বেংগল ফুটবল ক্লাব | |||
---|---|---|---|---|
উপনাম | The Red and Gold | |||
প্ৰতিষ্ঠা | ১৯২০ (1920) ইষ্ট বেংগল ক্লাব হিচাপে | |||
খেলপথাৰ | চল্ট লে’ক ষ্টেডিয়াম, কলকাতা, পশ্চিম বংগ ইষ্ট বেংগল গ্ৰাউণ্ড (আসন: ৮৫,০০০ ২৩,৫০০) | |||
গৰাকী | ইমামী ইষ্ট বেংগল এফ চি প্ৰাঃ লিঃ | |||
পৰিচালক | মানুয়েল মানোলো দিয়াজ | |||
লীগ | ইণ্ডিয়ান চুপাৰ লীগ | |||
২০২০–২১ | ইণ্ডিয়ান চুপাৰ লীগ, নৱম | |||
ৱেবছাইট | Club home page | |||
|
১৯২০ চনত এই ক্লাবৰ প্ৰতিষ্ঠা কৰা হৈছিল। ১৯২০ চনৰ ২৮ জুলাই তাৰিখে মোহন বাগানৰ এখন খেলত ক্লাবৰ পৰিচালকে ডিফেণ্ডাৰ শৈলেস বসুক নেখেলোৱাৰ কথাটোত মোহন বাগান ক্লাবৰ উপাধ্যক্ষ সুৰেশ চন্দ্ৰ চৌধুৰীৰ খং উঠে আৰু তেখেতে মোহন বাগান ক্লাব এৰি দি ১৯২০ চনৰ ১ আগষ্ট তাৰিখে ইষ্ট বেংগল ফুটবল ক্লাব প্ৰতিষ্ঠা কৰে[1]। ১৯৯৭ চনত ইষ্ট বেংগল ক্লাবে এচিয়ান কাপ ৱিনাৰ্ছ কাপত যোগদান কৰা প্ৰথম ভাৰতীয় ক্লাবৰ সন্মান লাভ কৰে[2]।
ইষ্ট বেংগল ফুটবল ক্লাবৰ চিৰবৈৰী ক্লাব হৈছে মোহন বাগান। মোহন বাগান আৰু ইষ্ট বেংগল ক্লাবৰ মুখামুখি খেল বিলাকক কলিকতা ডাৰ্বি বুলি জনা যায়।