ই-বুক
From Wikipedia, the free encyclopedia
ই-বুক (ইংৰাজী: e-book; ইলেক্ট্ৰনিক কিতাপৰ সংক্ষিপ্ত ৰূপ), ডিজিটেল ৰূপত উপলব্ধ কৰা একোখন কিতাপৰ প্ৰকাশন, য'ত লিখনি, ছবি বা দুয়োটাই থাকিব পাৰে আৰু এইসমূহ কম্পিউটাৰ বা অন্যান্য ইলেক্ট্ৰনিকৰ ফ্লেট-পেনেল ডিছপ্লেত পঢ়িব বা চাব পৰা যায়।[1] কেতিয়াবা "এখন ছপা কিতাপৰ ইলেক্ট্ৰনিক সংস্কৰণ" বুলি সংজ্ঞায়িত কৰা হয়,[2] যদিও কিছুমান ই-বুক ছপা কিতাপৰ সমতুল্য নহয়। ই-বুকসমূহ নিৰ্দিষ্ট ই-ৰিডাৰ ডিভাইচত পঢ়িব পাৰি, ইয়াৰোপৰি নিয়ন্ত্ৰণযোগ্য দৰ্শন পৰ্দাৰ বৈশিষ্ট্য থকা যিকোনো কম্পিউটাৰ ডিভাইচতো পঢ়িব পাৰি। উদাহৰণ স্বৰূপে ডেস্কটপ কম্পিউটাৰ, লেপটপ, টেবলেট, কিণ্ডল আৰু স্মাৰ্টফোনকে ধৰি অন্যান্য ইলেকট্ৰনিক মাধ্যম সমূহ। ২০০০ চনত ছপা আৰু ই-বুক বিক্ৰীৰ এটা ধাৰা ইণ্টাৰনেটলৈ যোৱাৰ প্ৰৱণতা দেখা গৈছিল,[উদ্ধৃতিৰ প্ৰয়োজন] য'ত পাঠকে ই-কমাৰ্চ ব্যৱস্থা ব্যৱহাৰ কৰি ৱেবছাইটত পৰম্পৰাগত কাগজৰ কিতাপ আৰু ই-বুক ক্ৰয় কৰে। ছপা কিতাপৰ সহায়ত পাঠকে প্ৰকাশক বা কিতাপৰ দোকানৰ ৱেবছাইটত কিতাপৰ কভাৰৰ ছবি ক্ৰমান্বয়ে ব্ৰাউজ কৰি অনলাইনত শিৰোনাম নিৰ্বাচন আৰু অৰ্ডাৰ দিব পাৰে; তাৰ পিছত কাগজৰ কিতাপবোৰ ডাক বা অন্য ডেলিভাৰী সেৱাৰ জৰিয়তে পাঠকলৈ প্ৰেৰণ কৰা হয়। ই-বুকৰ সহায়ত ব্যৱহাৰকাৰীয়ে অনলাইনত শিৰোনামসমূহ ব্ৰাউজ কৰিব পাৰে, তাৰ পিছত যেতিয়া তেওঁলোকে শিৰোনামসমূহ নিৰ্বাচন কৰি অৰ্ডাৰ কৰে তেতিয়া ই-বুকখন তেওঁলোকক অনলাইনত পঠিয়াব পাৰি বা ব্যৱহাৰকাৰীয়ে ই-বুকখন ডাউনলোড কৰিব পাৰে।[3] ২০১০ চনৰ আৰম্ভণিলৈকে আমেৰিকাৰ ই-বুকসমূহৰ সামগ্ৰিক প্ৰকাশনৰ পৰিসংখ্যাই হাৰ্ডকপিক অতিক্ৰম কৰিবলৈ আৰম্ভ কৰিছিল।[4]
ই-বুক ক্ৰয় কৰাৰ মূল কাৰণসমূহ- কম মূল্য, সহজলভ্যতা(যিহেতু তেওঁলোকে ঘৰৰ পৰা বা মোবাইল ডিভাইচৰ সহায়ত সহজতে কিনিব পাৰে আৰু পঢ়িব পাৰে) আৰু অধিক পৰিমাণৰ নিৰ্বাচন আদি বুলি জনা যায়।[5] ই-বুকৰ সৈতে, "ইলেক্ট্ৰনিক বুকমাৰ্কে কিতাপ একোখন কিমানলৈ পঢ়া হৈছে সেয়া চিন ৰাখিবলৈয়ো সহজ কৰি তোলে, আৰু ই-বুক পাঠকে ব্যৱহাৰকাৰীক পৃষ্ঠাসমূহৰ টীকা দিবলৈ অনুমতি দিব পাৰে।" [6] "যদিও কল্পকাহিনী আৰু অকল্পকাহিনী কিতাপ ই-বুক ফৰ্মেটত আহে, কাৰিকৰী সামগ্ৰী বিশেষভাৱে উপযুক্ত।" ই-বুকৰ ক্ষেত্ৰত প্ৰগ্ৰেমিং কিতাপৰ বাবে ক'ডৰ উদাহৰণ কপি কৰিব পাৰি।[6] আমেৰিকাত ই-বুক পঢ়া পাঠকৰ পৰিমাণ বৃদ্ধি পাইছে; ২০১৩ চনৰ ২৩%ৰ বিপৰীতে ২০১৪ চনলৈ ২৮% প্ৰাপ্তবয়স্কই ই-বুক পঢ়িবলৈ আৰম্ভ কৰে। লগতে ২০১৪ চনৰ ভিতৰত ৫০% আমেৰিকান প্ৰাপ্তবয়স্কৰ হাতত ই-ৰিডাৰ বা টেবলেট আছিল, ২০১৩ চনত ৩০% ৰ হাতত এনে ডিভাইচ আছিল।[7]