ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ
বঙালী শিক্ষাবিদ, সমাজ সংস্কাৰক / From Wikipedia, the free encyclopedia
ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ (বঙালী: ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, ইংৰাজী: Ishwar Chandra Vidyasagar; ১৮২০ - ১৮৯১) উনৈশ শতিকাৰ বিশিষ্ট বঙালী শিক্ষাবিদ, সমাজ সংস্কাৰক আৰু গদ্যকাৰ আছিল। প্ৰকৃত নাম ঈশ্বৰচন্দ্ৰ বন্দ্যোপাধ্যায়। সংস্কৃত ভাষা আৰু সাহিত্যত অগাধ পাণ্ডিত্যৰ বাবে জীৱনৰ প্ৰথমচোৱাতে বিদ্যাসাগৰ উপাধি লাভ কৰে। সংস্কৃতৰ বাদেও বঙালী আৰু ইংৰাজী ভাষাত বিশেষ ব্যুৎপত্তি আছিল। তেওঁই প্ৰথম বঙালী লিপি সংস্কাৰ কৰে ইয়াক যুক্তিবহ কৰে তোলে।[1]
ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ | |
---|---|
২৬ ছেপ্টেম্বৰ, ১৮২০ – ২৯ জুলাই, ১৮৯১ | |
জন্মৰ তাৰিখ: | ২৬ ছেপ্টেম্বৰ, ১৮২০ |
জন্মস্থান: | বীৰসিংহ, তদনীন্তন হুগলি জিলা (আধুনিক পশ্চিম মেদিনীপুৰ জিলা), বাংলা প্ৰেছিডেন্সি (আধুনিক পশ্চিমবংগ), ব্ৰিটিছ ভাৰত (আধুনিক ভাৰত) |
মৃত্যুৰ তাৰিখ: | ২৯ জুলাই, ১৮৯১ (৭১ বছৰ) |
মৃত্যুস্থান: | কলকাতা, বাংলা প্ৰেছিডেন্সি (আধুনিক পশ্চিমবংগ), ব্ৰিটিছ ভাৰত (আধুনিক ভাৰত) |
জীৱনকাল: | ২৬ ছেপ্টেম্বৰ, ১৮২০ – ২৯ জুলাই, ১৮৯১ |
আন্দোলন: | বাংলাৰ নৱজাগৰণ |
প্ৰধান স্মৃতিস্তম্ভ: | বিদ্যাসাগৰ বিশ্ববিদ্যালয়, বিদ্যাসাগৰ সেতু |
ধৰ্ম: | হিন্দু |
দাম্পত্য সঙ্গী: | দীনময়ী দেৱী |
পিতৃ মাতৃ: | ঠাকুৰদাস বন্দ্যোপাধ্যায় আৰু ভগবতী দেৱী |
সন্তান: | নাৰায়ণচন্দ্ৰ বিদ্যাৰত্ন |
বঙালী গদ্যৰ প্ৰথম সাৰ্থক ৰূপকাৰ হিচাপে বিভূষিত বিদ্যাসাগৰে জনপ্ৰিয় শিশুপাঠ্য বৰ্ণপৰিচয় সহ একাধিক পাঠ্যপুথি সংস্কৃত ব্যাকৰণ গ্ৰন্থ ৰচনা কৰিছিল। সংস্কৃত, হিন্দী আৰু ইংৰাজীৰ পৰা বঙালীলৈ অনুবাদ সাহিত্য আৰু জ্ঞানবিজ্ঞান সংক্ৰান্তিয় বহু ৰচনা কৰিছিল। অন্যদিশে বিদ্যাসাগৰ এজন সমাজ সংস্কাৰকো আছিল। বিধবা বিবাহ আৰু স্ত্ৰীশিক্ষাৰ প্ৰচলন, বহুবিবাহ আৰু বাল্য বিবাহৰ দৰে সামাজিক অভিশাপসমূহ দূৰীকৰণৰ বাবে তেখেতৰ অক্লান্ত সংগ্ৰাম বৰ্তমানেও স্মৰণ কৰা হয়। বঙালীৰ নৱজাগৰণৰ এই পুৰোধা ব্যক্তিত্ব দেশৰ সাধৰণ জনসাধাৰণৰ ওচৰত ‘দয়াৰ সাগৰ’ নামে পৰিচিত আছিল।[2][3]
বঙালী সমাজত বিদ্যাসাগৰ এজন প্ৰাতঃস্মৰণীয় ব্যক্তিত্ব। পশ্চিমবঙ্গৰ পশ্চিম মেদিনীপুৰত তেখেতৰ স্মৃতিৰক্ষাৰ হেতু বিদ্যাসাগৰ বিশ্ববিদ্যালয় স্থাপিত হৈছে। ৰাজধানী কলকাতাৰ আধুনিক স্থাপত্যৰ অন্যতম শ্ৰেষ্ঠ নিদৰ্শন বিদ্যাসাগৰ সেতু তেখেতৰ নামতেই উৎসৰ্গিত কৰা হৈছে।