উইলিয়াম কেলিন জুনিয়ৰ
ন'বেল বঁটা বিজয়ী গৱেষক / From Wikipedia, the free encyclopedia
উইলিয়াম বিল জি. কেলিন জুনিয়ৰ (জন্ম: ২৩ নৱেম্বৰ ১৯৫৭) হাৰ্ভাড বিশ্ববিদ্যালয় আৰু ডানা ফাৰ্বাৰ কেঞ্চাৰ ইনষ্টিটিউটত মেডিচিন বিভাগৰ অধ্যাপক। তেওঁৰ পৰীক্ষাগাৰত টিউমাৰ ছাপ্ৰেছৰ প্ৰটিনৰ ওপৰত গৱেষণা কৰিছিল। তেওঁ ২০১৬ চনত চিকিৎসা বিজ্ঞানৰ মৌলিক গৱেষণাৰ এলবাৰ্ট লাশকেৰ বঁটা লাভ কৰিছিল।[2][3]তেওঁ পিটাৰ জন ৰেটক্লিফ আৰু গ্ৰেগ লিয়নাৰ্ড চেমেনজাৰ সৈতে "অক্সিজেনৰ উপলব্ধতাৰ ওপৰত কোষ সমূহে কেনেকৈ সংবেদন লাভ কৰে আৰু নিজকে সেই পৰিৱেশৰ উপযোগী কৰি লয় আৱিষ্কাৰ"ৰ বাবে ২০১৯ চনৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।[4][5]
ক্ষিপ্ৰ তথ্য উইলিয়াম কেলিন জুনিয়ৰ, জন্ম ...
উইলিয়াম কেলিন জুনিয়ৰ | |
---|---|
জন্ম | ২৩ নৱেম্বৰ, ১৯৫৭ (৬৬ বছৰ) নিউয়ৰ্ক মহানগৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ |
নাগৰিকত্ব | আমেৰিকান |
ক্ষেত্ৰ | অংক'লজি |
কৰ্মস্থান |
|
উল্লেখনীয় বঁটা |
|
দাম্পত্যসঙ্গী | কেৰোলিন কেলিন |
বন্ধ কৰক